ৰাষ্ট্ৰীয়

দুৰ্ধৰ্ষ মাওবাদী নেতা আক্কি ৰাজুৰ মৃত্যু, সন্ধান দিওতালৈ ১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল চৰকাৰে

ছত্তীশগড়ৰ দুৰ্ধৰ্ষ মাওবাদী কমাণ্ডাৰ আক্কি ৰাজুৰ মৃত্যু।

বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ আক্কি ৰাজুৱে প্ৰাণ হেৰুৱাইছে বুলি জানিব পৰা গৈছে।

বিগত সময়ছোৱাত আক্কি ৰাজুৰ নেতৃত্বত ছত্তীশগড়ত নক্সালবাদীসকলে বহু অভিযানৰ নেতৃত্ব দিছিল।

বহু চিআৰপিএফ জোৱানৰ হত্যাৰ মূল অভিযুক্ত আছিল এই আক্কি ৰাজু।

শনিবাৰে ছত্তীশগড় আৰু তেলেংগানা সীমান্তৰ ঘন জংঘলত নক্সালবাদী সদস্যসকলে শেষ বিদায় জনায় আক্কি ৰাজুক।

ৰাজুৰ শেষকৃত্য সম্পন্ন কৰা হয় পালমেডু-কোণ্ডাপলি অঞ্চলত।

উল্লেখযোগ্য যে, বহু ভয়ংকৰ কূটাঘাতত জড়িত আক্কি ৰাজুৰ সন্ধান দিওতালৈ ১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল চৰকাৰে।

শুকুৰবাৰে নক্সালবাদীৰ মুখপাত্ৰ অভয়ে আক্কিৰ মৃত্যুৰ বিষয়ে সংবাদ মাধ্যমক প্ৰেছ বিজ্ঞপ্তি যোগে সদৰি কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *