অসম

ইণ্ডাষ্ট্ৰিয়েল কো অপাৰেটিভ বেংকৰ পৰিচালন সঞ্চালক শুভ্ৰজ্যোতি ভৰালীক গ্ৰেপ্তাৰ…

ইণ্ডাষ্ট্ৰিয়েল কো অপাৰেটিভ বেংকৰ পৰিচালন সঞ্চালক শুভ্ৰজ্যোতি ভৰালীক গ্ৰেপ্তাৰ।

বেংকৰ ৫০ কোটি টকাৰ কেলেংকাৰিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা গ্ৰেপ্তাৰ হৈছে ভৰালীক।

উল্লেখ্য যে শুভ্ৰজ্যোতি ভৰালীৰ লগতে বেংকটোৰ ৮ জনকৈ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে ১৫ ছেপ্তেম্বৰতপাণবজাৰ থানাত এজাহাৰত দাখিল কৰিছিল নাগৰিক সুৰক্ষা মঞ্চৰ সভাপতি ভদ্ৰেশ্বৰ বৰ্মনে।

ভৰালীৰ উপৰি এজাহাৰত উল্লেখ থকা ব্যক্তি কেইগৰাকী হ’ল- ৰিংকু বৰ্মন, মোহিত চন্দ্ৰ বৰ্মন, ৰাজেশ্বৰ দাস, গণেশ ডেকা, নৰেন চন্দ্ৰ মেধি, মুকুল তালুকদাৰ আৰু অনিল চন্দ্ৰ কলিতা।

গোচৰ ৰুজো হোৱাৰে পৰা পলাতক হৈ আছিল শুভ্ৰজ্যোতি ভৰালী।

পূৰ্বৰ ৪৮৯/২১ গোচৰটোত জামিন পাইছিল যদিও বেংকৰ গকুল তালুকদাৰ নামৰ এজন কৰ্মচাৰীয়ে পাণবজাৰ থানাত দাখিল কৰা ৫৫১/২১ নম্বৰৰ দ্বিতীয়টো গোচৰত গ্ৰেপ্তাৰ হয় শুভ্ৰজ্যোতি ভৰালী।

উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়তো গোচৰ আছে শুভ্ৰজ্যোতিৰ বিৰুদ্ধে।

Leave a Reply

Your email address will not be published. Required fields are marked *