ৰাষ্ট্ৰীয়

পাকিস্তানৰ F-16 ভূপতিত কৰা উয়িং কামাণ্ডাৰ অভিনন্দন বৰ্ধমানক গ্ৰুপ কেপ্তেইন পদলৈ পদােন্নতি…

পাকিস্তানৰ F-16 ভূপতিত কৰা উয়িং কামাণ্ডাৰ অভিনন্দন বৰ্ধমানক গ্ৰুপ কেপ্তেইন পদলৈ পদােন্নতি।

অফিচিয়েল সূত্ৰই বুধবাৰে এই কথা সদৰি কৰিছে।

বৰ্ধমানে ২০১৯ চনৰ ফেব্ৰুৱাৰীত পাকিস্তানৰ যুদ্ধবিমান ধ্বংস কৰিছিল আৰু প্ৰতিৱেশী দেশখনত তিনিদিন ধৰি বন্দী হৈ আছিল।

সূত্ৰ অনুসৰি, অভিনন্দনৰ বাবে এই ৰেংক অনুমোদন কৰা হৈছে আৰু নিৰ্ধাৰিত প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে তেওঁ লাভ কৰিব।

২০১৯ চনৰ ২৭ ফেব্ৰুৱাৰীত অভিনন্দন বৰ্ধমানে পাকিস্তানৰ এখন যুদ্ধ বিমান ধ্বংস কৰিছিল, যেতিয়া প্ৰতিৱেশী দেশখনে বালাকোটৰ এয়াৰ ষ্ট্ৰাইকক লৈ এদিন পূৰ্বে ভাৰতৰ বিৰুদ্ধে প্ৰত্যুত্তৰ দিয়া আৰম্ভ কৰিছিল।

দুয়োখন দেশৰ মাজত হোৱা যুঁজত অভিনন্দনৰ মিগ–২১ বিমানখন ভূপতিত হোৱাত তেওঁক পাকিস্তানে আবদ্ধ কৰিছিল।

অভিনন্দনে নিজৰ বিমানখন ভূপতিত হোৱাৰ পূৰ্বে পাকিস্তানৰ এফ–১৬ যুদ্ধ বিমান এখন ধ্বংস কৰিছিল।

কিন্ত ভাৰতৰ তীব্ৰ চাপৰ বাবে পাকিস্তানে অভিনন্দনক পাকিস্তানে ১ মাৰ্চৰ নিশা মুকলি কৰি দিছিল।

যাৰ বাবে তেওঁক সেই বৰ্ষতে বীৰ চক্ৰৰে সন্মানিত কৰা হৈছিল।

বৰ্তমান ভাৰতীয় বায়ু সেনা বাহিনীৰ পাইলট গৰাকী উত্তৰ-পূৰ্বাঞ্চলত কৰ্তব্যৰত হৈ আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *