আন্তঃৰাষ্ট্ৰীয়অসমঅসমীয়া

দীপাৱলী উপলক্ষে আন্তঃৰাষ্ট্ৰীয় সীমান্তত মিঠাই বিনিময় ভাৰত তথা বাংলাদেশৰ সীমান্তৰক্ষীৰ

নিউজ ডেস্ক। বৃহস্পতিবাৰে সমগ্ৰ বিশ্বজুৰি উদযাপিত হৈছে হিন্দু সকলৰ পৱিত্ৰ তথা পোহৰৰ উৎসৱ দেৱালী।

সেয়েহে দেৱালী উপলক্ষে সদিচ্ছাৰ অঙ্গীকাৰ স্বৰূপে সীমান্তত মিঠাই বিনিময় ভাৰত-বংলাদেশৰ সীমান্তৰক্ষী বাহিনী ক্ৰমে বিএছএফ আৰু বিজিবিৰ।

সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)য়ে দেৱালীৰ এদিন পূৰ্বে অৰ্থাৎ বুধবাৰে উত্তৰ বংগ সীমান্তৰ জলপাইগুড়ি জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ ফুলবাৰী ইণ্টিগ্ৰেটেড চেক পোষ্টত বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ (বিজিবি) সৈতে মিঠাই বিনিময় কৰে।

উত্তৰ বংগ সীমান্ত বিএছএফৰ মহাপৰিদৰ্শক ৰবি গান্ধীয়ে বিজিবিৰ উত্তৰ পশ্চিম অঞ্চলৰ এৰিয়া কামাণ্ডাৰৰ সৈতে মিঠাই বিনিময় কৰে। বিজিবিৰ নিৰাপত্তা কৰ্মীসকলে বিএছএফৰ কৰ্মীসকলক উৎসৱৰ মিঠাই আৰু শুভেচ্ছাও দিয়ে।

উল্লেখ্য যে বিএছএফ আৰু বিজিবিয়ে দেৱালী, ঈদ, হোলী, স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসৰ দৰে কেইবাটাও অনুষ্ঠানত মিঠাই আৰু শুভেচ্ছা বিনিময় কৰে।

সীমান্তত ভাৰত আৰু বাংলাদেশৰ মাজত মিঠাইৰ আদান-প্ৰদান দুয়োখন ৰাষ্ট্ৰৰ মাজত সদিচ্ছা প্ৰকাশৰ এক পুৰণি আৰু পৰম্পৰাগত নীতি।

ইয়াৰোপৰি আটাৰীত ভাৰতীয় সৈন্যসকলে দেশৰ স্বাধীনতা দিৱসত পাকিস্তানী সেনাক শুভেচ্ছা জনায় আৰু নিয়ন্ত্ৰণ ৰেখা আৰু পাঞ্জাৱৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত মিঠাই বিনিময় কৰে। যাক ১৫ আগষ্টত পাক সেনাই ভাৰতীয় সেনাক প্ৰতিদান দিয়ে।

ইপিনে, অসম তথা ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্ততাে দুই দেশৰ সীমান্তৰক্ষীয়ে দীপাৱলী উপলক্ষে শুভেচ্ছা তথা মিঠাইৰ আদান-প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *