পাকিস্তানৰ কাৰাগাৰত মৃত্যু ঘটা সৰৱজিত সিঙৰ ভগ্নীৰ শেষ ইচ্ছা পূৰণ কৰি মুখাগ্নি কৰিলে অভিনেতা ৰণদীপ হুডাই

নিউজ ডেস্কঃ ভাৰতীয় চোৰাংচোৱাৰ অপৰাধত কাৰাবন্দী হৈ থাকি পাকিস্তানৰ কাৰাগাৰতে মৃত্যুক সাৱটি লোৱা ভাৰতীয় নাগৰিক সৰৱজিৎ সিঙৰ ভগ্নী দলবীৰ কৌৰৰ শেষ ইচ্ছা পূৰণ কৰি চিতাত জুই দিলে অভিনেতা ৰণদীপ হুডাই।

দেওবাৰে অভিনেতাগৰাকীয়ে চণ্ডিগড়ত উপস্থিত হৈ দলবীৰ কৌৰক অন্ত্যোষ্টিক্ৰিয়াৰ ৰীতি-নীতি সম্পন্ন কৰি ভাতৃ হোৱাৰ দায়িত্ব পূৰণ কৰে।

image 246
পাকিস্তানৰ কাৰাগাৰত মৃত্যু ঘটা সৰৱজিত সিঙৰ ভগ্নীৰ শেষ ইচ্ছা পূৰণ কৰি মুখাগ্নি কৰিলে অভিনেতা ৰণদীপ হুডাই 7

উল্লেখ্য যে, ২০১৬ চনত মুক্তিলাভ কৰিছিল ৰণদীপ হুডা অভিনীত ‘সৰৱজিৎ’ নামৰ ছবিখন। পাকিস্তানত কাৰাবন্দী হৈ মৃত্যুক সাৱটি লোৱা সৰৱজিৎ সিঙৰ জীৱন আৰু যন্ত্ৰণাক পৰিস্ফুট কৰি নিৰ্মাণ কৰা এই ছবিখনৰ মুখ্য চৰিত্ৰতে অভিনয় কৰিছিল ৰণদীপ হুডাই।

আনহাতে ছবিখনত সৰৱজিতৰ ভগ্নী দলবীৰ কৌৰৰ চৰিত্ৰৰ দেখা পোৱা গৈছিল অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনক। পাকিস্তানত চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত ভাৰতীয় নাগৰিক সৰৱজিতক ফাঁচীৰ শাস্তি প্ৰদান কৰিছিল পাক আদালতে।

image 247
পাকিস্তানৰ কাৰাগাৰত মৃত্যু ঘটা সৰৱজিত সিঙৰ ভগ্নীৰ শেষ ইচ্ছা পূৰণ কৰি মুখাগ্নি কৰিলে অভিনেতা ৰণদীপ হুডাই 8

কিন্তু ভাতৃক বিহা এই শাস্তিৰ বিৰোধীতা কৰি প্ৰতিবাদত নামি পৰিছিল দলবীৰ কৌৰ। সৰৱজিতৰ মুক্তিৰ দাবী জনাই তেওঁ অব্যাহত ৰাখিছিল আন্দোলন।

পৰিচালক ওমাং কুমাৰৰ দ্বাৰা পৰিচালিত ‘সৰৱজিত’ৰ প্ৰি-প্ৰডাকচনৰ সময়ৰ পৰাই বাস্তৱৰ দলবীৰ কৌৰৰ সৈতে এক আন্তৰিক সম্পৰ্ক গঢ়ি উঠিছিল ছবিত সৰৱজিতৰ চৰিত্ৰত অভিনয় কৰা ৰণদীপ হুডাৰ। অভিনেতাগৰাকীক নিজৰ ভাতৃৰ দৰেই জ্ঞান কৰিছিল দলবীৰ কৌৰে।

image 251
পাকিস্তানৰ কাৰাগাৰত মৃত্যু ঘটা সৰৱজিত সিঙৰ ভগ্নীৰ শেষ ইচ্ছা পূৰণ কৰি মুখাগ্নি কৰিলে অভিনেতা ৰণদীপ হুডাই 9

সেইবাবেই তেওঁ বিচাৰিছিল- তেওঁৰ মৃত্যুৰ পিছত যাতে ৰণদীপেই তেওঁৰ মুখাগ্নি তথা শেষ ৰীতি-নীতিখিনি সম্পন্ন কৰে।

image 248
পাকিস্তানৰ কাৰাগাৰত মৃত্যু ঘটা সৰৱজিত সিঙৰ ভগ্নীৰ শেষ ইচ্ছা পূৰণ কৰি মুখাগ্নি কৰিলে অভিনেতা ৰণদীপ হুডাই 10

শনিবাৰে হৃদৰোগত আক্ৰান্ত হৈ ৬৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে দলবীৰ কৌৰে। দেওবাৰে এই খবৰ লাভ কৰাৰ পিছতে মুম্বাইৰ পৰা ততাতৈয়াকৈ আহি অমৃতসৰৰ ভিৱাণ্ডীত উপস্থিত হয় অভিনেতা ৰণদীপ হুডা। তাৰ পিছতে তেওঁ প্ৰতিশ্ৰুতি দিয়া অনুসৰি দলবীৰ কৌৰৰ শেষকৃত্য সম্পন্ন কৰে।

উল্লেখ্য যে, ওমাং কুমাৰৰ পৰিচালনাত নিৰ্মিত ‘সৰবজিত’ ছবিখনে বক্স অফিচত সফলতা লাভ কৰিছিল। লাহোৰত সৰৱজিতৰ মৃত্যুৰ তিনি বছৰ পিছত মুক্তি লাভ কৰিছিল ছবিখনে।

image 249
পাকিস্তানৰ কাৰাগাৰত মৃত্যু ঘটা সৰৱজিত সিঙৰ ভগ্নীৰ শেষ ইচ্ছা পূৰণ কৰি মুখাগ্নি কৰিলে অভিনেতা ৰণদীপ হুডাই 11

১৯৯১ চনত ভাৰতীয় নাগৰিক সৰ্বজিতক গ্ৰেপ্তাৰ কৰি পাকিস্তানৰ আদালতে মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে। সৰৱজিতৰ মুক্তিৰ বাবে যুঁজ দিবলৈ ভাৰত চৰকাৰে আন্তৰ্জাতিক ক্ষেত্ৰত বিষয়টো উত্থাপন কৰে। যাৰ বাবে ২০০৮ চনত পাক চৰকাৰে সৰৱজিতৰ মৃত্যুদণ্ড অনিৰ্দিষ্টকাললৈ স্থগিত ৰাখিবলৈ বাধ্য হয়।

image 250
পাকিস্তানৰ কাৰাগাৰত মৃত্যু ঘটা সৰৱজিত সিঙৰ ভগ্নীৰ শেষ ইচ্ছা পূৰণ কৰি মুখাগ্নি কৰিলে অভিনেতা ৰণদীপ হুডাই 12

কিন্তু পাকিস্তানত কাৰাবন্দী হৈ থকাৰ সময়তে ২ মে’ ২০১৩ত কাৰাগাৰৰ আন এজন কয়দীৰ আক্ৰমণৰ বলি হৈ প্ৰাণ হেৰুৱাবলগীয়া হয় সৰৱজিত সিঙে।