বটদ্ৰৱা কাণ্ডৰ মূল খলনায়ক মৃত আশ্বিকুল উত্তীৰ্ণ হ’ল পৰীক্ষাত! পৰিয়ালত কান্দোনৰ ৰোল

নিউজ ডেস্কঃ লাহে লাহে মাৰ যাবলৈ ধৰা শোকটোৱে যেন আকৌ এবাৰ খুন্দা মাৰি ধৰিছে আশ্বিকুলৰ পৰিয়ালক।

আজি ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল লাভ কৰাৰ পিছতে কান্দোনত ভাগি পৰিছে আশ্বিকুলৰ পৰিয়াল।

বটদ্ৰৱা কাণ্ডৰ মূল অভিযুক্ত আছিল আশ্বিকুল ইছলাম। বটদ্ৰৱা থানা জ্বলাই দিয়া ভয়ংকৰ কাণ্ডৰ মূল খলনায়ক আশ্বিকুলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অভিযান চলাই।

কিন্তু নিশা আৰক্ষীৰ বাহনৰ পৰা নামি পলায়নৰ চেষ্টা কৰোতেই পিছফালৰ পৰা আহি থকা আন এখন বাহনৰ খুন্দাত মৃত্যু ঘটে অভিযুক্ত আশ্বিকুলৰ।

image 2022 06 27 17 29 51
বটদ্ৰৱা কাণ্ডৰ মূল খলনায়ক মৃত আশ্বিকুল উত্তীৰ্ণ হ’ল পৰীক্ষাত! পৰিয়ালত কান্দোনৰ ৰোল 5

এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল অভিযুক্ত আশ্বিকুল।

আজি ঘোষিত হোৱা ফলাফলত উত্তীৰ্ণ হ’বলৈ সক্ষম হয় আশ্বিকুলে। তাৰ পিছতে এতিয়া শোকৰ বন্যা নামিছে মৃত অভিযুক্তজনৰ ঘৰখনত।

image 2022 06 27 17 30 20
বটদ্ৰৱা কাণ্ডৰ মূল খলনায়ক মৃত আশ্বিকুল উত্তীৰ্ণ হ’ল পৰীক্ষাত! পৰিয়ালত কান্দোনৰ ৰোল 6

উল্লেখ্য যে, উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত মুঠ ২১৮ নম্বৰ পাই উত্তীৰ্ণ হৈছে আশ্বিকুল।

মৃত অভিযুক্তজনে ইংৰাজী বিষয়ত পাইছে ৪০ নম্বৰ। সেইদৰে অসমীয়াত ৪৭, উচ্চ অসমীয়াত ৩৮, এডুকেশ্যনত ৪৮, ৰাজনীতি বিজ্ঞানত ৪৫ আৰু অৰ্থনীতিত লাভ কৰিছে ৩৮ নম্বৰ।

image 2022 06 27 17 31 27
বটদ্ৰৱা কাণ্ডৰ মূল খলনায়ক মৃত আশ্বিকুল উত্তীৰ্ণ হ’ল পৰীক্ষাত! পৰিয়ালত কান্দোনৰ ৰোল 7

আশ্বিকুলৰ উত্তীৰ্ণ হোৱাৰ খবৰ লাভ কৰি কান্দি কান্দি পৰিয়ালে কয়, ‘সি পৰীক্ষা দি আহি নিজেই কৈছিল পাছ কৰিম বুলি। আজি নিজ কাণেৰে এই কথা শুনিবলৈ সি নাই। তাক পুলিছে মাৰি পেলালে। আমি আইন-আদালতৰ কাষ চাপিম। ন্যায় বিচাৰ কৰি দিব লাগিব আমাক।’

লগতে চাওকঃ

আম কাণ্ড! দিছপুৰ সমষ্টিৰ বিধায়কলৈ কুৰিয়াৰযোগে কােনে প্ৰেৰণ কৰিলে আম?

photo1656324165
বটদ্ৰৱা কাণ্ডৰ মূল খলনায়ক মৃত আশ্বিকুল উত্তীৰ্ণ হ’ল পৰীক্ষাত! পৰিয়ালত কান্দোনৰ ৰোল 8