পাকিস্তানী যুৱকৰ প্ৰেমত মচগুল ভাৰতীয় শিক্ষয়িত্ৰী! প্ৰেমিকক বিচাৰি যোৱাৰ সময়তে সীমান্তত হ’ল আটক

নিউজ ডেস্কঃ প্ৰেমত ফুলিছে শতদল, প্ৰেমত ঘূৰিছে ভূ-মণ্ডল। প্ৰেমত হাবুডুবু খাই কেতবোৰ অদ্ভূত সিদ্ধান্ত গ্ৰহণ কৰি সামাজিক মাধ্যমত প্ৰায়ে ভাইৰেল হৈ পৰা ডেকা-গাভৰুৰ কাহিনী আপুনি নিশ্চয় শুনিছে। এইবাৰ প্ৰেমত কাতৰ হৈ প্ৰেমিকক বিচাৰি পাকিস্তানলৈ যাবলৈ চেষ্টা কৰা এগৰাকী ভাৰতীয় শিক্ষয়িত্ৰীৰ প্ৰেম কাহিনীয়ে লাভ কৰিছে বিশেষ চৰ্চা।

মধ্য প্ৰদেশৰ ৰেৱা জিলাৰ তাৰাটি গাঁৱৰ এগৰাকী শিক্ষয়িত্ৰীয়ে প্ৰেমিকৰ সন্ধানত সীমান্ত পাৰ হৈ পাকিস্তানলৈ যোৱাৰ চেষ্টা কৰাৰ সময়তে অমৃতসৰৰ আটাৰী সীমান্তত গ্ৰেপ্তাৰ কৰে সীমান্তৰক্ষীয়ে। যুৱতীগৰাকীৰ পৰা এখন পাছপোৰ্ট আৰু ভিছাও জব্দ কৰিছে নিৰাপত্তাৰক্ষীয়ে।

image 237
পাকিস্তানী যুৱকৰ প্ৰেমত মচগুল ভাৰতীয় শিক্ষয়িত্ৰী! প্ৰেমিকক বিচাৰি যোৱাৰ সময়তে সীমান্তত হ’ল আটক 3

জানিব পৰা মতে, পাকিস্তানৰ এজন যুৱকৰ সৈতে প্ৰেমত পৰিছিল মধ্যপ্ৰদেশৰ ফিজা খান নামৰ ২৩ বৰ্ষীয় যুৱতীগৰাকী। এখন ব্যক্তিগত খণ্ডত শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত হৈ থকা যুৱতীগৰাকীয়ে ১৪ জুনত ঘৰৰ পৰা পলায়ন কৰিছিল।

যুৱতীগৰাকীৰ পৰিয়ালে জানিবলৈ দিয়া মতে, তেওঁলোকে ফিজা খানৰ পাকিস্তানী যুৱকৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে মুঠেও জ্ঞাত নাছিল। কিন্তু যুৱতীগৰাকীয়ে ঘৰৰ পৰা সন্ধানহীন হোৱাৰ পিছতে তেওঁৰ ভাতৃৰ মেচেঞ্জাৰলৈ এজন অচিনাক্ত যুৱকৰ ফোন আহে।

image 236
পাকিস্তানী যুৱকৰ প্ৰেমত মচগুল ভাৰতীয় শিক্ষয়িত্ৰী! প্ৰেমিকক বিচাৰি যোৱাৰ সময়তে সীমান্তত হ’ল আটক 4

দিলছান খান নামৰ এই যুৱকজনৰ ওপৰত পৰিয়ালৰ সন্দেহ ওপজাত আৰক্ষীৰ কাষ চাপে ফিজাৰ পিতৃ-মাতৃ আৰু ভাতৃয়ে। আৰক্ষীয়ে নম্বৰটো পৰীক্ষা কৰি এইটো সীমামূৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ নম্বৰ বুলি নিশ্চিত কৰে।

তাৰ পিছতে ফিজা খানৰ সন্ধানত লুক আউট জাৰি কৰে আৰক্ষীয়ে। আৰু অৱশেষত সীমা পাৰ হৈ পাকিস্তানলৈ যোৱাৰ প্ৰয়াস কৰাৰ সময়তে অমৃতসৰৰ আটাৰী সীমান্তত ফিজা খান নামৰ .যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰে নিৰাপত্তাৰক্ষীয়ে।