কিমাশ্বৰ্যম! ৪০ বছৰ বয়সতে ৪৪টা শিশুৰ মাতৃ হ’ল এগৰাকী মহিলা, কিন্তু কেনেকৈ…

নিউজ ডেস্কঃ মাতৃত্ব এক স্বৰ্গীয় অনুভূতি। এই অনুভূতি লাভ কৰিবলৈ জীৱনৰ এছোৱা সময়লৈ বাট চায় ৰয় প্ৰত্যেকগৰাকী মহিলাই। কিন্তু প্ৰতিগৰাকী মহিলাই এই অনন্য সুখ লাভ কৰাত সফল নহয়। যাৰ বাবে বহুতে বুকুত এটা অপ্ৰকাশ্য ব্যথা লৈয়ে পাৰ কৰিবলগা হয় জীৱন।

কিন্তু এগৰাকী মহিলাৰ কাহিনী শুনিলে আচৰিত হ’ব আপুনিও। যি গৰাকী মহিলাই সন্তান জন্ম নিদিলেই আছে গুৰুতৰ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা। এই ভয়তেই মহিলাগৰাকীয়ে এটাৰ পিছত জন্ম দিছে আন এটা সন্তান।

পূব আফ্ৰিকান দেশ ওগাণ্ডাৰ এই মহিলাগৰাকীৰ বয়স বৰ্তমান ৪৩ বছৰ। ৪০ বছৰ বয়সতে মহিলাগৰাকীয়ে ৪৪টা সন্তানৰ মাতৃত্ব অৰ্জন কৰিছে। এটা সময়ত মহিলাগৰাকীয়ে জন্ম নিয়ন্ত্ৰণৰ বিষয়ে ভাবিছিল যদিও, চিকিৎসকে জন্ম নিয়ন্ত্ৰণৰ কোনো পদ্ধতিয়ে তেওঁৰ ওপৰত কাম নকৰে বুলি কয়।

image 233
কিমাশ্বৰ্যম! ৪০ বছৰ বয়সতে ৪৪টা শিশুৰ মাতৃ হ’ল এগৰাকী মহিলা, কিন্তু কেনেকৈ… 4

লগতে তেওঁ সন্তান জন্ম দিয়া বন্ধ কৰিলেই গুৰুতৰ ৰোগত আক্ৰান্ত হৈ মৃত্যু পৰ্যন্ত হ’ব পাৰে বুলি সতৰ্ক কৰি দিছে চিকিৎসকে। যাৰ বাবে তেওঁ এতিয়া ৪৪ টা সন্তানৰ মাতৃ হৈছে।

৪৩ বছৰ বসয়তে ৪৪টা সন্তানৰ মাতৃ হোৱা এই বিশেষ মহিলাগৰাকীৰ নাম হৈছে মাৰিয়াম নাবাটাঞ্জি। উল্লেখ্য যে, মাৰিয়ামে মাত্ৰ এবাৰেই এটা সন্তান জন্ম দিছিল।

image 235
কিমাশ্বৰ্যম! ৪০ বছৰ বয়সতে ৪৪টা শিশুৰ মাতৃ হ’ল এগৰাকী মহিলা, কিন্তু কেনেকৈ… 5

তাৰ পৰৱৰ্তী সময়ত তেওঁ ৪ বাৰ যমজ সন্তান, ৫ বাৰ তিনিটাকৈ আৰু ৪ বাৰ ৫টাকৈ সন্তান একেলগে জন্ম দি এক অবিশ্বাস্য অভিলেখ গঢ়িছে। অৱশ্যে তেওঁ জন্ম দিয়া ৬ সন্তানৰ ইতিমধ্যে মৃত্যু ঘটিছে যদিও এতিয়াই জীয়াই আছে ৩৮টাকৈ সন্তান।

মাৰিয়ামে ১২ বছৰ বয়সতে বিবাহ পাশত আৱদ্ধ হৈছিল আৰু ১৩ বছৰ বয়সত তেওঁ প্ৰথমটো সন্তানৰ জন্ম দিছিল। প্ৰথম সন্তানৰ জন্মৰ পিছত মেৰীয়ে তেওঁৰ উৰ্বৰতা আন মহিলাৰ তুলনাত বহুত বেছি বুলি ভাবি তেওঁ চিকিৎসকৰ কাষ চাপে।

image 234
কিমাশ্বৰ্যম! ৪০ বছৰ বয়সতে ৪৪টা শিশুৰ মাতৃ হ’ল এগৰাকী মহিলা, কিন্তু কেনেকৈ… 6

চিকিৎসকে মাৰিয়াম জনাই যে তেওঁৰ ডিম্বাশয় স্বাভাৱিকতকৈ বহুত ডাঙৰ হোৱাত ৰোগটো তেওঁৰ শৰীৰলৈ বিয়পি পৰে। এই পৰিস্থিতিত, অধিক সন্তান হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়।

উল্লেখযোগ্য যে সন্তান সহ অকলে বাস কৰা মাৰিয়ামৰ স্বামীয়ে ২০১৬ চনত টকা পইচা সহ ঘৰৰ পৰা পলাই গৈছিল। সেই বছৰেই তেওঁলোকৰ কনিষ্ঠতম সন্তানৰো জন্ম হৈছিল।