অসমঅসমীয়া

পশ্চিম বংগ অভিমুখী ট্ৰাকৰ পৰা জব্দ ৭০ লাখ টকা মূল্যৰ গাঞ্জা

নিউজ ডেস্ক। গোসাঁইগাঁও মহকুমাৰ শ্ৰীৰামপুৰৰ ৩১ (গ) নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গোসাঁইগাঁও আৰক্ষীয়ে পুৱা বুজন পৰিমাণৰ গাঞ্জা জব্দ কৰে।

এক গোপন সূত্ৰৰ পম খেদি গোসাঁইগাঁও মহকুমা আৰক্ষী বিষয়া সৌৰভ গুপ্তাৰ নেতৃত্বত আৰু শিমুলটাপু আৰক্ষী চকীৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় কুমাৰ ৰায়ৰ সহযোগিতাত শ্ৰীৰামপুৰ তালাচী চকীৰ সমীপত থকা নাকা তালাচী চকীত তালাচী চলাই ডব্লিউ বি-১১চি-৩২১৯ নম্বৰৰ ছচকীয়া ট্ৰাক এখনৰ পৰা ২৯টা পেকেট গাঞ্জা জব্দ কৰে।

প্ৰায় ৩০৮ কিলোগ্ৰাম গাঞ্জাৰ বজাৰ মূল্য আনুমানিক ৭০ লাখ টকা হ’ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।

শিমুলটাপু আৰক্ষীয়ে ট্ৰাকখনৰ লগতে ট্ৰাকখনৰ চালক মহেশ যাদৱ (৬৫) আৰু সহযোগী চালক হৰিন্দ্ৰ যাদৱ (২৮)কো আটক কৰি শিমুলটাপু আৰক্ষী চকীলৈ লৈ আহে।

আটকাধীন দুয়োৰে ঘৰ উত্তৰ প্ৰদেশৰ বালিয়াত বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি গুৱাহাটীৰ নিকটৱৰ্তী কোনো অঞ্চলৰ পৰা গাঞ্জাখিনি পশ্চিমবংগৰ কোচবিহাৰলৈ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰা হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *