অসমঅসমীয়া

জুৱাৰ বৃহৎ ঘাটি উৎখাত, আটক ১১ জুৱাৰী

নিউজ ডেস্ক। টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত ঘুগুলনি গাঁৱত এক বৃহৎ জুৱাৰ ঘাটি উৎখাত কৰে আৰক্ষীয়ে।

টিংখাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লক্ষীনাথ দলেৰ নেতৃত্বত যোৱা এটা দলে অভিযান চলাই বৃহৎ জুৱাৰ ঘাটিটো উৎখাত কৰে।

ঘুগুলনি গাঁৱৰে এটা গৰাকীবিহীন ঘৰত দীৰ্ঘদিন ধৰি জুৱাৰ বেহা চলাই আহিছিল জুৱাৰীৰ দলটোৱে।

টিংখাং আৰু ৰাজগড় আৰক্ষীৰ এটা বৃহৎ দলে অভিযান চলাই ১১টা জুৱাৰীক গ্ৰেপ্তাৰ কৰে।

জুৱাস্থলীৰপৰা আৰক্ষীয়ে ৩৫,০০০ টকা নগদ ধনৰ লগতে জুৱাৰ সামগ্ৰীও জব্দ কৰে।

আৰক্ষীয়ে আটক কৰা জুৱাৰীকেইটা হৈছে কুলদ্বীপ গগৈ, গৌতম ফুকন, বিকাশ নাথ, মিণ্টু শইকীয়া, ভাবা লাহন, যোগেন গগৈ, ৰকী বৰপাত্ৰ, নাহৰ বৰুৱা, অনন্ত গগৈ, দীপেন বৰুৱা, সুজিত গগৈ।

উক্ত জুৱাৰীকেইটা চৰাইদেউ, ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *