আপোনালোকৰ বেয়া দিন সোনকালে আহিব, মই অভিশাপ দিছোঁ- কাক উদ্দেশ্য কৰি এই কথা ক’লে জয়া বচ্চনে?

সমাজবাদী পাৰ্টিৰ নেত্ৰী তথা অভিনেত্ৰী জয়া বচ্চন সোমবাৰে তেওঁৰ বিৰুদ্ধে কৰা এক কথিত “ব্যক্তিগত” মন্তব্যক লৈ ট্ৰেজাৰী বেঞ্চৰ সৈতে মৌখিক বিবাদত লিপ্ত হয়। আনকি তেওঁ অধ্যক্ষক কোনো নিৰ্দিষ্ট দলৰ পক্ষ নল’বলৈও আহ্বান জনায়।

উল্লেখ্য যে, অধ্যক্ষই জয়া বচ্চনক ‘নাৰ্কোটিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক চাবষ্টেন্স (সংশোধনী) বিধেয়ক, ২০২১ ৰ ওপৰত আলোচনাত অংশগ্ৰহণ কৰিবলৈ কোৱাৰ পিছতে এইদৰে মন্তব্য কৰে সাংসদগৰাকীয়ে।

FHIPKKAVk-AAHr-Sp

সংসদৰ সদস্যগৰাকীয়ে ভুৱনেশ্বৰ কলিতাৰ অধ্যক্ষতাত অনুষ্ঠিত বেঞ্চত বিৰোধী পক্ষৰ কথা নুশুনাৰ বাবে অধ্যক্ষক আহ্বান জনায়।

বিধেয়কখনৰ ওপৰত আলোচনাৰ বাবে আহ্বান জনোৱাৰ পিছত জয়া বচ্চনে কয়, “মই আপোনাক ধন্যবাদ দিব নিবিচাৰো। কিয়নো আপুনি যেতিয়া সদনত চিঞঁৰিছিল, সেই কথা মই মনত ৰাখিব লাগে নে নাই নাজানো। … আৰু আজি আপুনি অধ্যক্ষৰ আসনত বহি আছে।”

ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ ৰাকেশ সিনহাই অধ্যক্ষৰ বিৰুদ্ধে বচ্চনৰ মন্তব্যত আপত্তি জনোৱাৰ পিছত মৌখিক বিবাদ আৰম্ভ হয়।

সদনত হুলস্থূল সৃষ্টি হোৱাৰ লগে লগে, জয়া বচ্চনে তেওঁৰ বিৰুদ্ধে ব্যক্তিগত মন্তব্য কৰাৰ অভিযোগ কৰে। তেওঁ কয়, “মই আশা কৰোঁ যে তেওঁ মোৰ ওপৰত আৰু মোৰ কেৰিয়াৰৰ ওপৰত কৰা মন্তব্যৰ ওপৰত আপুনি পদক্ষেপ ল’ব। আপুনি নিৰপেক্ষ হ’ব বিচাৰে। আপুনি চকীখনত বহি আছে, আপুনি কোনো দলৰ নহয়।”

সদনত পুনৰ গৰজি উঠি জয়া বচ্চনে কয়, “তেওঁলোকে সদনত কেনেকৈ ব্যক্তিগত মন্তব্য দিব পাৰে? আপোনালোকৰ বেয়া দিনবোৰ সোনকালে আহিব, মই আপোনালোকক অভিশাপ দিছোঁ।”

সমাজবাদী পাৰ্টীৰ সাংসদ গৰাকীৰ মন্তব্যৰ পিছতে অধ্যক্ষ ভুৱনেশ্বৰ কলিতাই বচ্চনক বিতৰ্কিত বিধেয়কখনত নিজকে সীমাবদ্ধ ৰাখিবলৈ আহ্বান জনায়। তেওঁ এইটোও ঘোষণা কৰে যে যিবোৰ মন্তব্য উপযুক্ত নাছিল সেইবোৰ ৰেকৰ্ডৰ পৰা আঁতৰ কৰা হ’ব।

আনহাতে সদনৰ পৰিস্থিতি অধ্যক্ষৰ আহ্বানৰ পিছতো অনিয়ন্ত্ৰিত হৈ পৰাত সন্ধিয়া ৫ বজালৈ সদন স্থগিত ৰখাৰ ঘোষণা কৰে অধ্যক্ষ ভুৱনেশ্বৰ কলিতাই।

Leave a Comment