পশুখাদ্য কেলেংকাৰীৰ পঞ্চমটো গোচৰতো দোষী সাব্যস্ত হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী লালুপ্ৰসাদ যাদৱ

পশুখাদ্য কেলেংকাৰীৰ পঞ্চমটো গোচৰতো দোষী সাব্যস্ত হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী লালুপ্ৰসাদ যাদৱ।

পশুখাদ্য কেলংকাৰীৰ ডোৰোণ্ডা গোচৰতো দোষী সাব্যস্ত হ’ল ৰাষ্ট্ৰীয় জনতা দলৰ মুৰব্বী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালুপ্ৰসাদ যাদৱ।

১৩৯ টকাৰ এই গোচৰত মঙলবাৰে ঝাৰখণ্ডৰ চিবিআইৰ এখন বিশেষ আদালতে দোষী সাব্যস্ত কৰে লালুপ্ৰসাদ যাদৱক।

এই গোচৰত লালু প্ৰসাদ যাদৱকে ধৰি ৭৫ জন অভিযুক্তক দোষী সাব্যস্ত কৰা হৈছে আৰু ২৪ জনক নিৰ্দোষী ৰায় প্ৰদান কৰা হৈছে।

মঙলবাৰে ৰায়দান কৰা গোচৰত দোষী সাব্যস্ত ৩৮ জনক ৩ বছৰকৈ কাৰাদণ্ড বিহা হৈছে। অৱশ্যে ২১ ফেব্ৰুৱাৰীতহে শাস্তি বিহা হ’ব প্ৰাক্তন মু্খ্যমন্ত্ৰী লালুপ্ৰসাদ যাদৱক।

ইফালে ন্যায়ালয়ে দোষী সাব্যস্ত কৰাৰ পিছতে লালু প্ৰসাদ যাদৱক আৰক্ষীয়ে জিম্মাত লৈ হোটৱাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। কাৰাগাৰ অধীক্ষকক লালু প্ৰসাদ যাদৱৰ চিকিৎসা অৱস্থাৰ বিষয়েও অৱগত কৰা হৈছে। এতিয়া, লালু প্ৰসাদক কাৰাগৰতে ৰখা হ’ব নে চিকিৎসাৰ বাবে আৰআইএমএছলৈ প্ৰেৰণ কৰা হ’ব সেই বিষয়ে সিদ্ধান্ত ল’ব কাৰাগাৰ অধীক্ষকে।

আনহাতে চিবিআইৰ এখন বিশেষ আদালতে ডোৰোণ্ডা গোচৰৰ প্ৰমাণৰ ভিত্তিত ৰাজেন্দ্ৰ পাণ্ডে, সাকেত লাল, দীনানাথ চাহাই, ৰাম সেৱক চাহু, আইনুল হক, ছানাউল হক, অনিল কুমাৰক নিৰ্দোষ সাব্যস্ত কৰিছে।

নিৰ্দোষ সাব্যস্ত অভিযুক্তসকলক আদালত এৰি যাবলৈ নিৰ্দেশ দিয়া হয়। ইয়াৰ উপৰিও তিনিজন নেতা পিএম শৰ্মা, জীতেন্দ্ৰ কুমাৰ শ্ৰীবাস্তৱ আৰু সুৰেন্দ্ৰ কুমাৰ সিঙক তিনি বছৰৰ কাৰাদণ্ড বিহা হয়।

তদুপৰি চাপ্লায়াৰ অশোক কুমাৰ যাদৱক ৩ বছৰ, শ্যামানন্দন সিঙক ৩ বছৰ আৰু ৭৫ হাজাৰ জৰিমনা, নন্দ কিশোৰ প্ৰসাদক ৩ বছৰ কাৰাদণ্ড আৰু ৫০ হাজাৰ জৰিমনা, সুনীল কুমাৰ সিঙক ৩ বছৰ কাৰাদণ্ড আৰু ২ লাখ জৰিমনা, নয়ন ৰঞ্জনক ৩ বছৰ কাৰাবাস, সুলেখা দেৱীক ৩ বছৰ কাৰাবাস, সুলেখা দেৱীক ৩ বছৰৰ কাৰাদণ্ড, সঞ্জয় কুমাৰক ৩ বছৰ, মঞ্জুক ৩ বছৰ, ৰবীন্দ্ৰ প্ৰসাদক ৩ বছৰ, ৰামানন্দন সিঙক ৩ বছৰ, ৰাজেন মেহতাক ৩ বছৰ, জগদীশ শৰ্মাক ৩ বছৰ, ধুৰ ভগতক ৩ বছৰ আৰু জগদীশ শৰ্মাক ৩ বছৰৰ শাস্তি প্ৰদান কৰা হয়।

উল্লেখ্য যে, লালু প্ৰসাদ যাদৱক মঙলবাৰে ৰাঁচীৰ এখন বিশেষ চিবিআই আদালতে আটাইতকৈ ডাঙৰ পশুখাদ্য কেলেংকাৰী গোচৰ আৰচি-৪৭এ/৯৬ত দোষী সাব্যস্ত কৰে।

আদালতে লালু প্ৰসাদ যাদৱকে ধৰি মুঠ ৯৯ জন অভিযুক্তক ব্যক্তিগত ভাৱে আদালতত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছিল।

প্ৰণিধানযোগ্য যে, লালু প্ৰসাদ যাদৱক পশু খাদ্য কেলেংকাৰীৰ পাঁচোটা গোচৰত দোষী সাব্যস্ত কৰা হৈছে। পূৰ্বৰ চাৰিটা গোচৰত দোষী সাব্যস্ত হোৱা লালুপ্ৰসাদে পৰৱৰ্তী সময়ত জামিন লাভ কৰিছিল। কিন্তু পঞ্চমটো গোচৰত পুনৰ মঙলবাৰে দোষী সাব্যস্ত কৰে আদালতে। এই গোচৰটো ৰাঁচীৰ ডোৰাণ্ডাৰ কোষাগাৰৰ পৰা অবৈধভাৱে ১৩৯.৫ কোটি টকা উলিওৱাৰ সৈতে সম্পৰ্কিত।

১৯৯৬ চনত পঞ্জীয়ন কৰা গোচৰটোত, প্ৰথমতে ১৭০ জন অভিযুক্ত আছিল। ইয়াৰ ভিতৰত, ৫৫ জন অভিযুক্তৰ মৃত্যু হৈছে, আনহাতে সাতজন অভিযুক্তক চিবিআইয়ে চৰকাৰী সাক্ষী কৰি তুলিছে। আদালতৰ ৰায়ৰ পূৰ্বে দুজন অভিযুক্তই তেওঁলোকৰ অপৰাধ স্বীকাৰ কৰিছিল। আনহাতে অভিযুক্তসকলৰ ভিতৰত ৬ জন এতিয়াও পলাতক হৈ আছে।

ইয়াৰ পূৰ্বে, লালু প্ৰসাদ যাদৱক চাৰিটা পশুখাদ্য কেলেংকাৰীৰ গোচৰত মুঠ ২৭-৫ বছৰৰ বাবে দণ্ডিত কৰা হৈছিল। আনহাতে তেওঁ ১ কোটি টকাৰ জৰিমনাও পৰিশোধ কৰিব লগা হৈছিল। এই গোচৰবোৰত দোষী সাব্যস্ত হোৱাৰ বাবে, আৰজেডি চুপ্ৰিমোক আধা ডজনতকৈও অধিক বাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল।

Leave a Comment