কি কথাই মনোকষ্ট দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক…?

এটা কথাই মনোকষ্ট দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।

লখিমপুৰত ৰাজ্যৰ অষ্টম খন মেডিকেল কলেজ হাস্পতাল মুকলি কৰি সংবাদ মাধ্যমৰ সন্মুখত এই মনোকষ্টৰ বিষয়ে প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।

দৰাচলতে মঙলবাৰে মাজুলীৰ উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰে অসম জাতীয় পৰষদে। সেই অনুসৰি আঞ্চলিক দলটোৱে চিত্তৰঞ্জন বসুমতাৰীক সমষ্টিটোত প্ৰাৰ্থিত্ব প্ৰদান কৰে।

আনহাতে অজাপই প্ৰাৰ্থী ঘোষণা কৰাৰ পিছতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এক সংবাদমেল সম্বোধন কৰি উপ নিৰ্বাচনত অজাপ প্ৰাৰ্থীগৰাকীকে কংগ্ৰেছে সমৰ্থন আগবঢ়াব বুলি আনুষ্ঠানিক ঘোষণা কৰে।

ইয়াৰ পিছতে লখিমপুৰত হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, ৮৫৫ জন শ্বহীদৰ কথাৰে ৰাজনীতি চলাই থকা অসম জাতীয় পৰিষদে এতিয়া কংগ্ৰেছৰ বোকোচাত উঠি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগা হোৱা বিষয়টোৱে তেওঁক মানসিক কষ্ট দিছে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, তেওঁ নিজেও কংগ্ৰেছৰ পৰা অহা। গতিকে কংগ্ৰেছত কোনে যোগ দিছে,এৰিছে, সেয়া সাধাৰণ কথা। কিন্তু অসম আন্দোলনৰ ৮৫৫ জন শ্বহীদৰ কথাৰেই যাৰ ৰাজনীতি আৰম্ভ, তেনে অসম জাতীয় পৰিষদে কংগ্ৰেছৰ সৈতে একেলগে নিৰ্বাচনত অৱতীৰ্ণ হোৱাটোৱেহে মুখ্যমন্ত্ৰীগৰাকীক মনোকষ্ট দিছে।

উল্লেখ্য যে, অহা ৭ মাৰ্চত অনুষ্ঠিত হ’ব মাজুলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন।

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰীসভাত দায়িত্ব গ্ৰহণ কৰাৰ পিছতে খালী হৈ পৰা সমষ্টিটোত ইতিমধ্যে বিজেপিয়ে ভূৱন গামক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

মঙলবাৰে অজাপই চিত্তৰঞ্জন বসুমতাৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছত এতিয়া সমষ্টিটোত মূল যুঁজখন ভূৱন গাম আৰু চিত্তৰঞ্জন বসুমতাৰীৰ মাজতে চলিব বুলি একপ্ৰকাৰ স্পষ্ট হৈ পৰিছে।

Leave a Comment