অসম

পলাতক অৱস্থাত থকা কুখ্যাত বন বিষয়া অৰূপ বৈশ্যক চাকৰিৰ পৰা নিলম্বন…

পলাতক অৱস্থাত থকা কুখ্যাত বন বিষয়া অৰূপ বৈশ্যক চাকৰিৰ পৰা নিলম্বন।

সংবাদ মাধ্যমৰ আগত এই কথা জানিবলৈ দিয়ে এই কথা ৰঙিয়া ডি এফ অ’ই।

১০ নৱেম্বৰত বন বিষয়া সংগীতাৰাণী সিংহাৰ নেতৃত্বত কামৰূপৰ বংশৰৰ বৰবাৰী পাহাৰৰ কুখ্যাত বন বিষয়া অৰূপ বৈশ্যৰ ঘৰত চলিছিল অভিযান।

এই অভিযানত তেওঁৰ ঘৰৰ পৰা কেঁকো সাপ, কাচৰ খোলা, চোৰাং চিকাৰৰ সামগ্ৰী জীৱ জন্তুৰ চাল, অংগ পতংগ, বন্দুক-গুলী আদি উদ্ধাৰ হৈছিল।

ইয়াৰ পিছতে বন বিষয়া অৰূপ বৈশ্যই দীৰ্ঘ দিনৰ পৰা বনৰীয়া জীৱ-জন্তু চিকাৰ কৰি দুষ্ট চক্ৰৰ লগত জড়িত থকাৰো সন্দেহ ঘনীভূত হৈছিল।

অৱশেষত শনিবাৰে চাকৰিৰ পৰা নিলম্বন কৰা হয় কুখ্যাত বন বিষয়া অৰূপ বৈশ্যক।

Leave a Reply

Your email address will not be published. Required fields are marked *