অসম

নতুন SOP: গৰ্ভৱতী মহিলা কৰ্মচাৰীও আহিব লাগিব কাৰ্যালয়লৈ…

গৰ্ভৱতী মহিলা কৰ্মচাৰীৰ বাবে নতুন নিৰ্দেশনা জাৰি ৰাজ্য চৰকাৰৰ।

নতুন নিৰ্দেশনা অনুসৰি গৰ্ভৱতী মহিলা কৰ্মচাৰী আৰু ৩ বছৰ বা তাতকৈ কম বয়সৰ সন্তান থকা মহিলা কৰ্মচাৰীসকলৰ বাবে প্ৰযোজ্য হৈ থকা শিথিলতা প্ৰত্যাহাৰ কৰিছে ৰাজ্য চৰকাৰে।

গৰ্ভৱতী মহিলা কৰ্মচাৰী তথা ৩ বছৰৰ তলৰ শিশুৰ মাতৃয়েও এতিয়াৰে পৰা বাধ্যতামূলকভাৱে আহিব লাগিব কাৰ্য্যালয়লৈ।

শুকুৰবাৰে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জাৰি কৰিছে এই নতুন SOP।

ৰাজ্যখনত কৰ’না পৰিস্থিতিৰ উন্নিত হোৱাৰ পৰিপ্ৰেক্ষিতত লোৱা হৈছে এই সিদ্ধান্ত।

এই নিৰ্দেশনা ৰাজ্য চৰকাৰৰ কাৰ্য্যালয়, PSU, বিত্তীয় প্ৰতিষ্ঠান আৰু ব্যক্তিগত খণ্ডৰ কাৰ্য্যালয়ত প্ৰযোজ্য হ’ব।

অৱশ্যে কৰ্তৃত্বশীল ছুটীত থকাসকলৰ বাবে এই নিৰ্দেশনা প্ৰযোজ্য নহ’ব।

জাননীখনত আৰু কোৱা হৈছে যে ৰাজ্যখনত ক’ভিড-১৯ ৰ পৰিস্থিতি পৰ্যালোচনা কৰা হৈছে আৰু বৰ্তমান ৰাজ্যখনৰ সামগ্ৰিক পৰিস্থিতি যথেষ্ট উন্নত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *