অসম

‘পদ্মশ্ৰী’ কংগনা ৰাণাৱটৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল প্ৰদেশ কংগ্ৰেছৰ…

বিতৰ্কিত বলিউড অভিনেত্ৰী কংগনা ৰাণাৱটৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে।

দেশৰ ৰাষ্ট্ৰপতিৰ হাতৰ পৰা পদ্মশ্ৰী সন্মান লোৱাৰ পিছতে টাইমছৰ এক সন্মিলনত দেশে প্ৰকৃততে ২০১৪ চনত হে স্বাধীনতা লাভ কৰিছিল বুলি মন্তব্য কৰিছিল।

তেওঁ উল্লেখ কৰিছিল যে দেশে স্বাধীনতা লাভ কৰা নাছিল ভিক্ষাহে লাভ কৰিছিল।

এই মন্তব্যৰ বাবে দেশজুৰি বিতৰ্কৰ সূচনা হোৱাৰ লগতে সকলোতে সমালোচিত হোৱাৰ পিছত কংগনাই পুনৰ আত্মপক্ষ সমৰ্থন কৰি বিতৰ্কিত মন্তব্য কৰিছে।

kangana 1

কংগনাই এইবাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ বিৰুদ্ধে কৰিছে এক বিতৰ্কিত মন্তব্য।

তেওঁ পুনৰ কৈছিল, গান্ধীয়ে এখন গালত চৰ মাৰিলে দ্বিতীয়খন গাল পাতিবলৈ কৈছিল। এইদৰে স্বাধীনতা লাভ কৰা নাযায়স ভিক্ষাহে পোৱা যায়।

কংগনাৰ এই মন্তব্যৰ পিছতেই বহুতে প্ৰতিবাদ সাব্যস্ত কৰিছে।

ইয়াৰ মাজতে বৃহস্পতিবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অভিনেত্ৰী গৰাকীৰ বিৰুদ্ধে দিশপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

ইয়াৰ লগতে অভিনেত্ৰী গৰাকীৰ পদ্মশ্ৰী সন্মান উভতাই লোৱাৰ দাবীও কৰিছে।

image 4

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ হৈ প্ৰাক্তন সাংসদ দ্বীজেন শৰ্মা, ৰমেন বৰঠাকুৰ, নৃপেন ঠাকুৰীয়া, মঞ্জিত মহন্ত, মীৰা বৰঠাকুৰ আদিকে কৰি কেইবাজনো প্ৰতিনিধিয়ে দিছপুৰ আৰক্ষী থানালৈ গৈ কংগনাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *