অন্ত পৰিল এক বৰ্ণিল অধ্যায়ৰ!
প্ৰবীণ সাংবাদিক ভৱেশ বৰুৱাৰ বিয়োগ।
মফচলীয়া সাংবাদিকৰ পিতামহ তথা আপকুৰ প্ৰতিষ্ঠাপক সম্পাদকগৰাকীৰ ১৮ নৱেম্বৰৰ নিশা ১২-৪৫ মিনিটত মৃত্যু হয়।
বিগত ৩ টা দিন অতিকৈ সংকটজনক অৱস্থাত পাৰ কৰা ভৱেশ বৰুৱাই অৱশেষত যোৱা নিশা আজাৰাৰ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে।
পুৱাই খবৰটো বিয়পি পৰাৰ লগে লগে বিভিন্ন প্ৰান্তৰ অসংখ্য সাংবাদিক, শুভাকাংক্ষী তেওঁৰ বাসভৱনত উপস্থিত হৈছে।
অশীতিপৰ সাংবাদিকগৰাকীৰ মৃত্যু তেওঁৰ পুত্ৰ গৃহত হোৱাৰ পিছতে তেওঁৰ নিজা বাসভৱনলৈ সমদল কৰি নিয়া হয় তেওঁৰ নশ্বৰ দেহ।
কামৰূপ জিলা সাংবাদিক সন্থা, আপকুৰ কেন্দ্ৰীয় সমিতিৰ নেতা তথা জিলা পৰ্যায়ৰ সদস্যসকল আজাৰাৰ সামাজিক সাংস্কৃতি সংগঠন সমূহে তেখেতৰ ন্শ্বৰ দেহত পুষ্পাঞ্জলি প্ৰদান কৰাৰ লগতে অন্ত্যষ্টিক্ৰিয়া দুপৰীয়া ১২ বজাত সম্পন্ন কৰে।
বৰ্ষীয়ান সাংবাদিক তথা সাংবাদিকৰ অধিকাৰ সুৰক্ষা আৰু প্ৰাপ্য সা-সুবিধাৰ বাবে বিগত প্ৰায় ৪ দশক নিৰন্তৰ যুঁজ দিয়া এইগৰাকী কৰ্মনিষ্ঠ সাহসী আৰু নিষ্ঠাবান সাংবাদিকৰ মৃত্যুত সমগ্ৰ ৰাজ্যৰ সংবাদ আৰু সমাজক্ষেত্ৰ খনত শোকৰ ছাঁ পৰিছে।
ইপিনে প্ৰবীণ সাংবাদিক ভৱেশ বৰুৱাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
প্ৰবীণ সাংবাদিক ভৱেশ বৰুৱাৰ বিয়োগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে অশীতিপৰ কৰ্মনিষ্ঠ, সাহসী আৰু নিষ্ঠাবান সাংবাদিকগৰাকীৰ মৃত্যু অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰি তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। pic.twitter.com/2Ivu7dNbU8
— Chief Minister Assam (@CMOfficeAssam) November 18, 2021









