পথৰ দাঁতিৰ উন্মুক্ত মেনহোলত দুৰ্ঘটনাত পতিত হোৱাৰ পৰা আনক বচাবলৈ গৈ নিজেই প্ৰাণ হেৰুৱালে এজন লোকে

নিউজ ডেস্কঃ পথৰ কাষৰ উন্মুক্ত মেনহোলত পৰি আঘাতপ্ৰাপ্ত হোৱাৰ পৰা পথছাৰীক বচাবলৈ গৈ নিজেই মৃত্যুক সাৱটি ল’বলগীয়া হ’ল এজন ব্যক্তিয়ে। এই শোকাবহ ঘটনা সংঘটিত হৈছে হায়দৰাবাদত।

জানিবপৰা মতে, ১২ জুলাই অৰ্থাৎ মঙলবাৰে হায়দৰাবাদৰ চাদৰঘাটৰ এটা ব্যস্ত পথত বিপজ্জনক ভাৱে মুকলি হৈ থকা এটা মেনহোলৰ কাষতে বাগৰি পৰি ৰৈছিল ট্ৰেফিক সতৰ্কবাণীৰ এখন বেৰিকেড।

সেয়া প্ৰত্যক্ষ কৰি অসাৱধানবশতঃ বেৰিকেডত খুন্দা মাৰি যাতে কোনো পথছাৰী মেনহোলত বাগৰি নপৰে তাৰ বাবে এজন ব্যক্তিয়ে বেৰিকেডখন তুলিবলৈ চেষ্টা কৰোতেই পিছফালৰ পৰা অহা এখন দ্ৰুতবেগী বাহনে ব্যক্তিজনক মহতিয়াই থৈ যায়।

meinhole
পথৰ দাঁতিৰ উন্মুক্ত মেনহোলত দুৰ্ঘটনাত পতিত হোৱাৰ পৰা আনক বচাবলৈ গৈ নিজেই প্ৰাণ হেৰুৱালে এজন লোকে 2

বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত ব্যক্তিজনক লগে লগে হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। নিহত ব্যক্তিজনক মহম্মদ জাহেদ বুলি চিনাক্ত কৰা হৈছে। তেওঁ মালাকপেটৰ চোহেল হোটেলৰ কৰ্মচাৰী হিচাপে কৰ্মৰত আছিল।

প্ৰণিধানযোগ্য যে, বিগত কিছুদিন ধৰি হায়দৰাবাদত হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত প্লাৱিত হৈ পৰিছে পথসমূহ। এনে প্ৰেক্ষিতত পথৰ দাঁতিৰ উন্মুক্ত মেনহোলসমূহো পানীৰে ভৰি পৰাত দুৰ্ঘটনাৰ সম্ভাৱনা অধিক বৃদ্ধি পায়।

যাৰ বাবে অইন বাহন আৰোহী অথবা পথচাৰী যাতে দুৰ্ঘটনাত পতিত নহয়, তাৰ বাবে চেষ্টা কৰিবলৈ গৈ নিজেই বাহনৰ খুন্দাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল মহম্মদ জাহেদ নামৰ ব্যক্তিজনে।

এই ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ সৃষ্টি কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি দুৰ্ঘটনা পতিত কৰা বাহনখনৰ সন্ধানত অভিযান চলাই আছে।