তাই নিজৰ ছোৱালী, তাই আলফালৈ নাযাও বুলি কথা দিলেই মুকলি কৰি দিয়া হবঃ কাৰাবন্দী বৰ্ষাশ্ৰীক লৈ প্ৰথম প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্কঃ বিগত দুমাহ ধৰি কাৰাবন্দী হৈ থকা বৰ্ষাশ্ৰী বুঢ়াগোহাঁই সন্দৰ্ভত প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বৰ্ষাশ্ৰীক কবিতা লিখাৰ বাবে নহয়, বাৰে বাৰে ৰাষ্ট্ৰদ্ৰোহ কৰিম বুলি কোৱা কাৰণেহে গ্ৰেপ্তাৰ কৰা হৈছে।

ৰাষ্ট্ৰদ্ৰোহ কৰিম বুলি কোৱাৰ পিছতো গ্ৰেপ্তাৰ নকৰিলে দেশত আইন-কানুন কেনেকৈ থাকিব বুলি মুখ্যমন্ত্ৰীয়ে উভতাই প্ৰশ্ন কৰি কয় যে একাংশই বৰ্ষাশ্ৰীক লৈ ভুলভাৱে প্ৰচাৰ চলাই আহিছে। কবিতা লিখাত কোনো আপত্তি নাই, কিন্তু ৰাষ্ট্ৰদ্ৰোহ কৰিম বুলি কোৱা কাৰণেহে গ্ৰেপ্তাৰ কৰিবলগা হৈছে।

Barkhashri3
তাই নিজৰ ছোৱালী, তাই আলফালৈ নাযাও বুলি কথা দিলেই মুকলি কৰি দিয়া হবঃ কাৰাবন্দী বৰ্ষাশ্ৰীক লৈ প্ৰথম প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ 4

ইফালে যুৱতীগৰাকী আৰু তেওঁৰ অভিভাৱকে আলফালৈ নাযাও বুলি দায়িত্ব ল’লে তেওঁক মুকলি কৰি দিয়া হ’ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।

তেওঁ কয় যে আজি যুৱতীগৰাকীক এৰি দিয়াৰ পিছত যদি কাইলৈ মানৱ বোমা হৈ আমাৰ ওপৰতে আক্ৰমণ চলায়, তাৰ বাবে কোন দায়ী হ’ব।

আনহাতে যদি আলফা স্বাধীনে ৪২ গৰাকী যুৱক-যুৱতীক শিৱিৰত বিহা মৃত্যুদণ্ডৰ দৰে বৰ্ষাশ্ৰীকো মৃত্যুদণ্ড বিহে, তেন্তে তাৰ দায়িত্ব কোনে মূৰ পাতি ল’ব বুলিও প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীয়ে।

তেওঁ কয় যে বৰ্ষাশ্ৰীয়ে পৰীক্ষা দিয়ক, চাকৰিৰ ইণ্টাৰভিউ দিয়ক তাত কোনো আপত্তি নাই। কিন্তু তেওঁক আলফালৈ যোৱাৰ পৰা বচাব লাগিব। তেওঁ নিজৰ ছোৱালী বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

photo1657706656
তাই নিজৰ ছোৱালী, তাই আলফালৈ নাযাও বুলি কথা দিলেই মুকলি কৰি দিয়া হবঃ কাৰাবন্দী বৰ্ষাশ্ৰীক লৈ প্ৰথম প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ 5

উল্লেখ্য যে, বৰ্ষাশ্ৰীৰ মুক্তিৰ দাবীত সৰৱ হৈ পৰিছে বিভিন্ন দল-সংগঠন তথা সামাজিক মাধ্যম।

ইফালে ১৬ জুলাইত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় ষাণ্মাসিকৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে আদালতৰ অনুমতি বিচাৰি গোলাঘাটৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত নিজ হাতে লিখা আবেদন দাখিল কৰিছিল ডিচিবি কলেজৰ ছাত্ৰীগৰাকীয়ে।

এই আবেদন গ্ৰহণ কৰি বৃহস্পতিবাৰে আদালতে বৰ্ষাশ্ৰীক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ অনুমতি প্ৰদান কৰিছে। কটকটীয়া নিৰাপত্তাৰ মাজত নিজ পৰীক্ষা কেন্দ্ৰতে ছাত্ৰীগৰাকীয়ে পৰীক্ষাত বহিব পাৰিব বুলি নিৰ্দেশ দিছে আদালতে।

লগতে চাওকঃ

যদি বৰ্ষাশ্ৰীয়ে ৰাষ্ট্ৰদ্ৰোহ কৰিছে, তেন্তে আলফাক ক্ষমা খুজি মন্ত্ৰী সঞ্জয় কিষাণেও ৰাষ্ট্ৰদ্ৰোহ কৰিছেঃ বিধায়িকা শিৱামণি বৰা

sibamoni
তাই নিজৰ ছোৱালী, তাই আলফালৈ নাযাও বুলি কথা দিলেই মুকলি কৰি দিয়া হবঃ কাৰাবন্দী বৰ্ষাশ্ৰীক লৈ প্ৰথম প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ 6