পত্নী-কণমানি সন্তানক এৰি ক’লৈ গ’ল মিন্টু-পলাশ? আলফা (স্বা)ত যোগদানৰ আশংকাক লৈ পৰিয়ালত হাহাকাৰ

নিউজ ডেস্ক। চৰকাৰৰ সৈতে একপক্ষীয় যুদ্ধ বিৰতি ঘােষণা কৰা আলফা (স্বাধীন)এ অব্যাহত ৰাখিছে নতুন সদস্যভৰ্তি অভিযান।

ইতিমধ্য, বিগত কেইটামান মাহত বহু যুৱক-যুৱতীয়ে সংগঠনটােত যােগদান কৰাৰ তথ্য ফাদিল হৈছে, লগতে সংগঠনটােত যােগদান কৰিবলৈ গৈ আৰক্ষী তথা অসম-ৰাইফলছৰ অভিযানত আটকাে হৈছে বহু লােক।

এনে ঘটনাক্ৰমৰ মাজতে তিনিচুকীয়া জিলাৰ পেঙেৰী থানাৰ অন্তৰ্গত তৰাণী গাঁৱৰ পৰা বিগত ৪ দিন ধৰি দুজন যুৱক সন্ধানহীন হৈ থকাৰ খবৰ পােৱা গৈছ।

এই যুৱক দুজন হৈছে মিণ্টু মৰাণ (২৩) আৰু পলাশ মৰাণে (২২)।

পৰিয়ালৰ সূত্ৰ অনুসৰি, দুয়ােজনে বিগত কিছুদিনৰ পৰা অৰুণাচলৰ খাৰচাঙৰ কয়লাখনিত ট্ৰাক চলাবলৈ বুলি যোৱাৰ প্ৰস্তুতি চলাই আছিল।

সেই অনুসৰি তেওঁলোক দুয়োগৰাকীয়ে সঘনে কোনো অজ্ঞাত লোকৰ লগত ম’বাইল ফোনেৰে যোগাযোগ চলাই আছিল।

ইয়াৰ মাজতে দুয়োজনে লগ হৈ যোৱা ১৪ ডিচেম্বৰত পৰিয়ালৰ অজ্ঞাতে হঠাৎ সন্ধানহীন হৈ পৰে।

U2

ইফালে দুয়োজন আলফা (স্বা) লৈ যোৱা বুলি সৰ্বত্ৰ চৰ্চা চলাত এতিয়া পৰিয়াল দুটিৰ মাজত হাহাকাৰ লাগিছে।

দুয়োগৰাকী লোকৰে ম’বাই ফোন উক্ত দিনাৰ পৰা বন্ধ হৈ আছে।

U3

দুয়োজনৰ সন্ধানত পৰিয়ালৰ লোকসকলে সম্ভাব্য বিভিন্ন স্থানৰ লগতে অৰুণাচল প্ৰদেশৰ চাংলাং, খাৰচাং, নামফাই, বালিনং আদি ঠাইত বিচাৰ-খোঁচাৰ কৰিছে যদিও কোনো খবৰ লাভ কৰা নাই।

এক সূত্ৰ অনুসৰি অৰুণাচলৰ নামফাইত থকা এগৰাকী সতীৰ্থলৈ লোক দুজনে ফোন কৰি আলফালৈ যোৱাৰ প্ৰস্তুতি চলোৱাৰ কথা আৱগত কৰিছিল।

তেনে সূত্ৰৰ আঁতত ধৰিয়েই পৰিয়ালৰ লোকসকলেও দুয়োজনে আলফা স্বাধীনলৈ যোৱা বুলিয়েই সন্দেহ কৰিছে।

লগতে চাওকঃ

মৰ্মান্তিক! শুই থকা অৱস্থাত বনৰীয়া হাতীৰ আক্ৰমণত দুই কণমানিৰ মৃত্যু, বিধ্বস্ত ঘৰ

Leave a Comment