অসম

গৰু সৰবৰাহৰ নতুন কৌশলঃ আৰক্ষীৰ অভিযানত জব্দ ২ খন চোৰোং গৰু ভৰ্তি কণ্টেইনাৰ…

ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ।

বিশ্বনাথ আৰক্ষীৰ জালত ২ খন চোৰোং গৰু ভৰ্তি কণ্টেইনাৰ।

পুৱতি নিশা বিশ্বনাথ সদৰ আৰক্ষীৰ তালাচীত জব্দ কৰা হৈছে চোৰাং গৰুভৰ্তি কন্টেইনাৰ দুখন৷

এক গোপন সূত্ৰৰ পমখেদি বিশ্বনাথ সদৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জিত কুমাৰ ৰায়ৰ নেতৃত্ব চলিছিল এই অভিযান।

অভিযানত জব্দ হোৱা কণ্টেইনাৰ দুখনত আছিল ৫৯ টা বলধ গৰু।

আৰক্ষীয়ে অৱগত কৰা অনুসৰি এই গৰু কেইটা লখিমপুৰৰ পৰা ৰূপহী হাটলৈ নি থকা হৈছিল।

হাৰিয়ানাৰ ৰেজিষ্ট্ৰেচন থকা এইছ আৰ ৩৮ আৰ ৭৮৫৫ আৰু এইছ আৰ ৩৮ কিউ ৯৮১২ নম্বৰৰ কন্টেইনাৰ দুখনৰ চালক ক্ৰমে নগাওঁ ৰূপহী হাটৰ আশ্ৰাফুল ইছলাম আৰু বিকাশ কুমাৰ৷

বিকাশ কুমাৰৰ ঘৰ বিহাৰত বুলি জানিব পৰা গৈছে৷

দীৰ্ঘদিন ধৰি সামগ্ৰী কঢ়িওৱাৰ আলতম কন্টেইনাৰৰ যোগেদি বহিঃৰাজ্যৰ লগতে বাংলাদেশলৈও গৰু সৰবৰাহ হোৱাৰ সন্দেহ প্ৰকাশ আৰক্ষী প্ৰশাসনৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *