
পত্নীৰ ভৰিৰ বিষে আমনি কৰিছে যদি ‘বাৰ’লৈ যাওক! ৰোগীৰ স্বামীক নাভূত নাশ্ৰুত পৰামৰ্শ দি নিলম্বন হ’ল চিকিৎসক
নিউজ ডেস্কঃ হাস্পতালত পত্নীৰ ভৰিৰ বিষ দেখুৱাবলৈ যোৱা স্বামীক চিকিৎসকে প্ৰদান কৰা এক অদ্ভূত পৰামৰ্শই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে কেৰালাত।
চিকিৎসকজনৰ নাভূত নাশ্ৰুত পৰামৰ্শৰ পিছতে ইতিমধ্যে স্বাস্থ্য বিভাগে নিলম্বন কৰিছে অভিযুক্ত চিকিৎসকজনক।
সমান্তৰালভাৱে ৰোগীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
দৰাচলতে কেৰালাৰ থ্ৰিশূৰৰ বদকেককাড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ কৰ্মচাৰী প্ৰিয়া দীৰ্ঘদিন ধৰি ভৰিৰ বিষত ভূগি আছিল। সেই বাবেই প্ৰিয়াৰ স্বামী অনিল কুমাৰে পত্নীক লৈ যায় থ্ৰিশূৰৰ দয়া হাস্পতাললৈ।
তাত চিকিৎসকে প্ৰথমে প্ৰিয়াক এক্স-ৰে কৰাৰ পৰামৰ্শ দিয়ে। সেই অনুসৰি আধা ঘণ্টামানৰ ভিতৰত প্ৰিয়াই এক্স-ৰে কৰি পুনৰ চিকিৎসকৰ কাষ চাপে।
ভেছকুলাৰ চাৰ্জাৰী বিভাগৰ পৰামৰ্শদাতা ডাঃ ৰয় ভাৰ্গেজে প্ৰিয়াৰ সামান্য পৰীক্ষা কৰি প্ৰেছক্ৰিপশ্যন লিখি দিয়ে।
পিছত অনিল কুমাৰ আৰু পত্নী প্ৰিয়াই চিকিৎসকৰ সেই প্ৰেছক্ৰিপশ্যনখন লৈ ফাৰ্মাচীলৈ যোৱাত তেতিয়াহে ওলাই পৰে ওৰহি গছৰ ওৰ।

কিয়নো ডাঃ ৰয় ভাৰ্গেজে লিখা প্ৰেছক্ৰিপশ্যনখনত নাছিল কোনো ঔষধৰ নাম। তাৰ বিপৰীতে চিকিৎসকজনে লিখিছিল- জিৰণিৰ প্ৰয়োজন নাই, দৌৰিলেই বিষ ভাল হৈ যাব।
আনহাতে একেখন প্ৰেছক্ৰিপশ্যনতে প্ৰিয়াৰ স্বামী অনিল কুমাৰক উদ্দেশ্যি চিকিৎসকজনে লিখিছিল- পত্নীৰ ভৰিৰ বিষে যদি আমনি কৰিছে, তেন্তে ‘বাৰ’লৈ গৈ দুপেগ (সুৰা) পান কৰক।
চিকিৎসকজনৰ এনে অদ্ভূত প্ৰেছক্ৰিপশ্যনখন সন্দৰ্ভত থ্ৰিছুৰ আৰক্ষীত এজাহাৰ দাখিল কৰে অনিল কুমাৰে।
ইফালে এই ঘটনা পোহৰলৈ অহাৰ পিছতে স্বাস্থ্য বিভাগে নিলম্বন কৰিছে অভিযুক্ত চিকিৎসকজনক।





