অসম

‘ডায়েৰী’ তোমাক মই মোৰ ক্ল’জ ফ্ৰেণ্ড হিচাপে আজিৰ পৰা ল’লো’- তেজস্বিতাৰ আধা লিখা ডায়েৰী…

অকালতে হেৰাই গ’ল মাজুলীৰ প্ৰতিভাৱান কণমানি শিল্পী তেজস্বিতা বৰুৱা।

বহু আশা বহু সপোন বুকুত বান্ধি সকলোকে কন্দুৱাই উভতি নহাৰ বাটেৰে গুচি গ’ল তেজস্বিতা।

গান আৰু নৃত্যৰে সকলোকে মোচাচন্ন কৰা তেজস্বিতাৰ মৰমৰ হাৰমনিয়াম খন, গীটাৰখন প্ৰতিটো সামগ্ৰীয়েই যেন নিৰলে চকুলো টুকিছে আজি।

এচুকত পৰি ৰৈছে তাই মৰমৰে সুখ দুখৰ লগৰী কৰি লোৱা তাই ডায়েৰীখন।

image 116

তেজস্বিতাই জীৱনৰ মধুৰ সময়ৰ স্মৃতি সাঁচি ৰাখিবলৈ আৰম্ভ কৰিছিল ডায়েৰী লিখিবলৈ।

কিন্তু আৰম্ভণিতেই শেষ হ’ল লিখিম বুলি প্ৰস্তুত কৰা জীৱন বৃত্তান্ত।

ডায়েৰীৰ এখিলা পাততে শেষ হল তেজস্বিতাৰ জীৱনৰ সমস্ত দিনলিপি।

সেইদিনা আছিল ২৯ ছেপ্টেম্বৰ, সেই দিনাই জীৱনৰ মধুৰ ক্ষণক লৈ আনন্দতে তাই আৰম্ভ কৰিছিল ডায়েৰী লিখিবলৈ।

image 115

সেয়ে তাই কৈছিল ‘ডায়েৰী তোমাকো মই মোৰ ক্ল’জ ফ্ৰেণ্ড হিচাপে আজিৰ পৰা ল’লো। তুমি যাতে মোৰ সুখ-দুখৰ কথাবোৰত সদায় সমভাগি হোৱা।

কিন্তু আৰম্ভণিতেই যৱনিকা পৰিল তাইৰ মৰমৰ, সুখ দুখৰ লগৰী ডায়েৰীৰ স্বৰ্ণিল অধ্যায়।

আৰম্ভণিতেই সামৰণি পৰা ডায়েৰীৰ পাত বুকুত সাৱতি এতিয়া পিতৃয়ে যেন হেৰুৱাই পেলাইছে জীৱনৰ ছন্দ।

লগতে চাওকঃ

মৰ্মান্তিক! চোতালত গাড়ী চলাবলৈ শিকি থকা মাতৃৰ গাড়ীৰ চকাত পিষ্ট হৈ কৰুণ মৃত্যু ৩ বছৰীয়া কন্যা মৰিয়মৰ…

mariyam