অসম

পঢ়াৰ সমানে তাঁত শালত সপোন ৰচিছে বিজয়ে, গামোচাত প্ৰাণ পাই উঠিছে অসমৰ স্বনামধন্য ব্যক্তিসকল…

অসমীয়াৰ স্বাভিমান গামোচাত অসমৰ জাতীয় সংগীতৰ প্ৰতিটো আখৰ।

ৰঙিয়া কলেজৰ ছাত্ৰ বিজয় দাসে তাঁতশালত বৈ উলিয়াইছে জাতীয় সংগীত আৰু নমস্য ব্যক্তিৰ ছবি।

image 159

পঢ়াৰ সমানে তাঁত শালত সপোন ৰচিছে তামুলপুৰৰ বিজয় দাসে।

যুৱকগৰাকী ইতিমধ্যে সামাজিক মাধ্যমত চৰ্চিত হৈ পৰিছে।

image 161

যুৱক জনৰ ঘৰ তামুলপুৰ জিলাৰ বৰখোপা গাঁৱত। বৰ্তমানে ৰঙিয়া মহাবিদ্যালয়ৰ চতুৰ্থ সন্মাষিকৰ ছাত্ৰ বিজয়।

image 155

অধ্যয়ণৰ সমান্তৰাল ভাৱে তাঁত শালত বহি বিজয় দাসে বৈ উলিয়াইছে সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, দীপালী বৰঠাকুৰ, জ্যোতিপ্ৰসাদ আগৰৱালা, মামণি ৰয়ছম গোস্বামী, হীৰেন ভট্টাচাৰ্য, জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত, ভূপেন হাজৰিকা, বিষ্ণু প্ৰসাদ ৰাভাৰ লগতে ৰংঘৰ, কাৰেং ঘৰ, কামাখ্যা মন্দিৰ।

image 160

তিনি বছৰ পূৰ্বে বিজয়ে তাঁত শালত গামোছাত জাতীয় সংগীত অ মোৰ আপোনাৰ দেশো বৈ উলিয়াইছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *