অসমীয়াঅসম

চিত্তৰঞ্জন বসুমতাৰীক বলিৰ পঠা সজাইছে লুৰিণজ্যোতি গগৈয়েঃ পীযুষ হাজৰিকা

নিউজ ডেস্কঃ চিত্তৰঞ্জন বসুমতাৰীক বলিৰ পঠা সজাইছে লুৰিণজ্যোতি গগৈয়ে। -অসম জাতীয় পৰিষদৰ পৰা চিত্তৰঞ্জন বসুমতাৰীৰ পদত্যাগৰ পিছতে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই।

সংবাদ মাধ্যমৰে বাৰ্তালাপ কালত পীযুষ হাজৰিকাই কয় যে মাজুলীৰ উপ নিৰ্বাচনত চিত্তৰঞ্জন বসুমতাৰীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সময়ত তেওঁৰ সৈতে কোনেও সমষ্টিটোত প্ৰচাৰ চলোৱা নাছিল।

২০২১ৰ বিধানসভা নিৰ্বাচনত দুটাকৈ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি দুয়োটাতে পৰাজিত হোৱা লুৰিণজ্যেতি গগৈয়ে ইচ্ছাকৃতভাৱে চিত্তৰঞ্জনকো পৰাজিত কৰোৱালে বুলি মন্তব্য কৰে পীযুষ হাজৰিকাই।

তেওঁ কয় যে নিজে দুটাকৈ সমষ্টিত পৰাস্ত হোৱা লুৰিণজ্যোতি গগৈয়ে কম বয়সীয়া চিত্তৰঞ্জন বসুমতাৰীক বলিৰ পঠা সজাই প্ৰথমে ধেমাজিত হৰুৱালে, তাৰ পিছত আকৌ মাজুলীতো হাৰিবলৈ দিলে।

উল্লেখ্য যে, শুকুৰবাৰে সামাজিক মাধ্যমত পোষ্ট কৰি চিত্তৰঞ্জন বসুমতাৰীয়ে অজাপৰ পৰা পদত্যাগৰ ঘোষণা কৰিছিল। অজাপৰ জন্মলগ্নৰে পৰা জড়িত হৈ থকা নেতাগৰাকীয়ে কি কাৰণে দলত্যাগ কৰিলে সেই বিষয়ে এতিয়াও কোনো বিষয় স্পষ্ট কৰা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *