অসমীয়াআন্তঃৰাষ্ট্ৰীয়

টেক্সাছৰ কৰুণ কাহিনী! দুৰ্বৃত্তৰ আক্ৰমণত প্ৰাণ হেৰুওৱা শিক্ষয়িত্ৰী পত্নীৰ শোকত মৃত্যুক সাৱটিলে স্বামীয়েও

নিউজ ডেস্কঃ দুৰ্বৃত্তৰ নিৰ্বিচাৰত প্ৰাণ হেৰুৱাইছিল পত্নীয়ে। এই খবৰ লাভ কৰিয়েই হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিল স্বামীৰো।

এই শোকাবহ ঘটনা সংঘটিত হৈছে টেক্সাছত।

উল্লেখ্য যে, যোৱা মঙলবাৰে টেক্সাছৰ এখন প্ৰাথমিক বিদ্যালয়ত সংঘটিত নিৰ্বিচাৰ গুলিচালনাৰ ঘটনাত ১৯ জন শিক্ষাৰ্থীকে ধৰি ২১ জন লোকে প্ৰাণ হেৰুৱাইছিল। নিহত সকলৰ ভিতৰত আছিল বিদ্যালয়খনৰ এগৰাকী শিক্ষয়িত্ৰী ইৰ্মা গাৰ্চিয়াও।

image 156

পত্নীৰ মৃত্যুৰ বাতৰি লাভ কৰাৰ পিছতে শোকত ভাগি পৰা ইৰ্মাৰ স্বামী জো গাৰ্চিয়াৰো বৃহস্পতিবাৰে হৃদৰোগত আক্ৰান্ত হৈ আকস্মিকভাৱে মৃত্যু ঘটে।

ইৰ্মাৰ ভগ্নী ডেব্ৰা অষ্টিনে প্ৰকাশ কৰা মতে, ইৰ্মা আৰু জোৱে ২৪ বছৰ পূৰ্বে বিবাশ পাশত আৱদ্ধ হৈছিল। ৪টা সন্তানৰ পিতৃ-মাতৃ দম্পতীহালৰ মাজত আছিল যথেষ্ট ভালপোৱা। সেয়ে ইৰ্মাৰ মৃত্যুৰ বাতৰি লাভ কৰি শোকত ভাগি পৰা জো গাৰ্চিয়াইও হৃদৰোগত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱায়।

image 157

উল্লেখযোগ্য যে ইৰ্মা আৰু আন এগৰাকী শিক্ষয়িত্ৰী ইভা মিৰেলেছৰ দুৰ্বৃত্তৰ আক্ৰমণৰ পৰা শিশুসকলক বচাবলৈ চেষ্টা কৰি থকা অৱস্থাত মৃত্যু ঘটিছিল।

এই দশকৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটাইতকৈ ভয়ংকৰ গুলীচালনাৰ ঘটনাৰ ভিতৰত এই ঘটনাও এটা। টেক্সাছৰ ৰাজহুৱা সুৰক্ষা বিভাগে জনোৱা মতে ৰামোছ নামৰ কিশোৰজনে বিদ্যালয়ত আক্ৰমণ কৰাৰ আগতে তেওঁৰ আইতাককো গুলীয়াই থৈ আহিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *