পঞ্চায়তৰ সভাপতিৰ নিৰ্বাচনত শাহুৱেক-বোৱাৰীৰ যুঁজ, ১,১৭৭ ভােটত জয়লাভ…

নিউজ ডেস্ক। একেটা পৰিয়ালৰ সদস্য যেতিয়া নিৰ্বাচনত মুখামুখি যুঁজত অৱতীৰ্ণ হয়, তেতিয়া আকৰ্ষণীয় হৈ পৰে নিৰ্বাচনী যুঁজ।

তেনে এক নিৰ্বাচনী ৰণ দেখা গ’ল গুজৰাটৰ এখন গাঁও পঞ্চায়তত য’ত সভাপতি পদৰ নিৰ্বাচনত নিজৰ শাহুৱেৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হয় বােৱাৰী।

এই নিৰ্বাচনী যুঁজে সংবাদ মাধ্যমতাে লাভ কৰে বিশেষ চৰ্চা।

বহুতেৰে দৃষ্টি আকৰ্ষণ কৰা গাওঁপ্ৰধান পদৰ এই নিৰ্বাচনী যুঁজত প্ৰতিদ্বন্দ্বিতা কৰি বোৱাৰীৰ হাতত পৰাস্ত হয় শাহু।

উল্লেখ্য যে, গুজৰাটৰ গীৰ সোমনাথ জিলাৰ উনা তালুকাৰ গাওঁ দেলৱাড়াৰ গাঁও পঞ্চায়তৰ নিৰ্বাচনৰ বাবে ভোটগ্ৰহন অনুষ্ঠিত হয় দেওবাৰে।

নিৰ্বাচনত গাঁও প্ৰধান পদৰ বাবে মূল যুঁজখন চলিছিল পূজা বাম্ভানিয়া আৰু তেওঁৰ শাহু জিভিবেন বাম্ভানিয়াৰ মাজত।

আমোদজনক কথাটো হল, পূজাৰ স্বামী তথা জীভিবেনৰ পুত্ৰ বিজয় বাম্ভানিয়া যোৱা দুটা কাৰ্যকালৰ বাবে গাওঁপ্ৰধান ৰূপে নিৰ্বাচিত হৈ আহিছিল।

ইয়াৰ পূৰ্বে ২০০৬ চনত এই পদত জয়ী হৈছিল তেওঁৰ মাতৃ জিভিবেন বাম্ভানিয়া।

আনহাতে মঙ্গলবাৰে নিৰ্বাচনৰ ফলাফল ঘোষনাত ১,১৭৭ টা ভোটত শাহুৱেক জীভিবেন বাম্ভানিয়াক পৰাস্ত কৰি প্ৰথমবাৰলৈ গাওঁপ্ৰধান নিৰ্বাচিত হয় পূজা বাম্ভানিয়া।

কেৱল সেয়াই নহয়, তেওঁৰ প্ৰাৰ্থীৰ পেনেলে গাওঁ পঞ্চায়তৰ সকলো ১৬টা নিৰ্বাচনী ৱাৰ্ডতে জয়লাভ কৰি অভিলেখ সৃষ্টি কৰে।

নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত পূজা বাম্ভানিয়াই কয়, “মই ইয়াক আমাৰ পৰিয়ালৰ ৰাজনৈতিক যুদ্ধ হিচাপে দেখা নাই। কেৱল এই প্ৰতিযোগিতাখনক শাহু আৰু বোৱাৰীৰ মাজত যুদ্ধ হোৱাৰ টেগলাইন দিয়া হৈছিল। এই নিৰ্বাচন দেলৱাড়াৰ বাহিৰৰ অসামাজিক শক্তি বিৰুদ্ধে এক শক্তিশালী জনমত গঢ়ি তোলাৰ যুজঁ আছিল। দেলৱাড়াৰ বাসিন্দাসকলে একত্ৰিত হৈ বাহিৰৰ অপশক্তিক প্ৰত্যুত্তৰ দিবলৈ সক্ষম হয়।

উল্লেখ্য যে, পূজা আৰু তেওঁৰ গাওঁ পঞ্চায়তৰ ১৬ টা ৱাৰ্ডৰ প্ৰাৰ্থীৰ পেনেলে “ঘাডো” অৰ্থাৎ পাত্ৰৰ প্ৰতীকত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল।

ইফালে প্ৰাক্তন গাওঁপ্ৰধান বিজয় বাম্ভনিয়াই পত্নী আৰু মাতৃৰ মাজৰ নিৰ্বাচনী প্ৰতিদ্বন্দিতাৰ বিজেপিৰ এজন প্ৰাক্তন বিধায়কক দোষাৰোপ কৰে, আৰু অভিযোগ কৰে যে বিধায়কজনে গাওঁ পঞ্চায়ত নিৰ্বাচনত তেওঁৰ মাতৃক নিজৰ বোৱাৰীয়েকৰ বিৰুদ্ধে থিয় কৰাইছিল।

তেওঁ কয় যে নিৰ্বাচনত তেওঁৰ পত্নী আৰু মাতৃৰ মাজত হোৱা মুখামুখি যুঁজৰ ফলত পৰিয়ালটো যথেষ্ট কষ্টৰ সন্মুখীন হবলগাত পৰিছে।

Leave a Comment