
পংকজ পাঠকৰ দুঃসাহস! নিজকে তুলনা কৰিলে পৃথিৱীখ্যাত ডা০ ধনীৰাম বৰুৱাৰ সৈতে, শীঘ্ৰেই এৰিব অসম…
নিউজ ডেস্কঃ তুলনা ভাল। কিন্তু সেইবুলি অমৃতৰ সৈতে গোবৰৰ তুলনা জানো সম্ভৱ? আপোনাৰ, মোৰ বাবে এই কথা অদ্ভূত হ’লেও নিজকে মহান চিকিৎসক হিচাপে গণ্য কৰিবলৈ ধৰা তথাকথিত আচাৰ্য পংকজ পাঠকৰ বাবে কিন্তু সেয়াই উত্তম। যাৰ বাবে পৃথিৱী বিখ্যাত গৱেষক বিজ্ঞানী, হাৰ্ট চাৰ্জন, জৈৱ অভিযন্তা, জিন বিশেষজ্ঞ ডা০ ধনীৰাম বৰুৱাৰ সৈতেও নিজক তুলনা কৰিবলৈ পিছ হোঁহোকা নাই পংকজ পাঠকে।
শেহতীয়াকৈ সামাজিক মাধ্যমত যথেষ্ট চৰ্চিত হৈছে মেথি গুটিখ্যাত তথাকথিত আয়ুৰ্বেদ চিকিৎসক পংকজ পাঠক। চুটি কাপোৰ পিন্ধা মহিলাৰ স্বামীক বান্দৰ কেকোঁৱাৰ গুড়ি খোৱাৰ পৰামৰ্শ দি মহিলাৰ ৰোষত পৰিছে পংকজ পাঠক। থানাই থানাই তেওঁৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ।

এনে সময়তে দলৰ পৰাও বহিস্কাৰ কৰা হ’ল ন অগপ নেতাজনক। বিতৰ্কৰ শীৰ্ষত থকা পাঠকক কোনোপধ্যেই দলৰ ভিতৰত ৰাখিব নিবিচাৰে অসম গণ পৰিষদে।
অগপৰ পৰা বহিস্কাৰ হোৱাৰ পিছতে পংকজ পাঠকৰ কথাৰ সুৰ অলপ সলনি হৈছে। হয়তো ভীতিগ্ৰস্তও হৈছে। সেয়েহে তেওঁ এইবাৰ অসম এৰাৰ পৰিকল্পনাৰ কথা সদৰী কৰিছে সামাজিক মাধ্যমযোগে।
সামাজিক মাধ্যমত তথাকথিত আচাৰ্যজনে কৰা এটা পোষ্ট অনুসৰি, অতি সোনকালে তেওঁৰ ঠিকনা সলনি হ’ব পশ্চিম বংগলৈ। শিলিগুৰিৰ সবুজ সংঘ ক্লাৱৰ সমীপতে এতিয়া বাসস্থান হ’ব পংকজ পাঠকৰ। খুব সম্ভৱতঃ অহা মাহলৈকে তেওঁ এৰিব অসম।

এসময়ত কম্পিউটাৰ মেকানিক আছিল পংকজ পাঠক। কিন্তু হঠাৎ তেওঁৰ এদিন আৱিৰ্ভাৱ ঘটিল আয়ুৰ্বেদিক চিকিৎসক হিচাপে। সকলো ৰোগৰ বাবেই মেথি গুটিৰ বিধান দি হঠাৎ চৰ্চিত হৈ পৰিছিল পংকজ পাঠক। তাৰ পৰৱৰ্তী সময়ত তেওঁ সময়ে সময়ে লাভ কৰি আহিছে সংবাদ মাধ্যমৰ শিৰোনাম।
কিন্তু পাঠকে ক’ৰ পৰা আয়ুৰ্বেদিক চিকিৎসাৰ ডিগ্ৰী লাভ কৰিলে সেয়া কোনেও নাজানে। অথচ তেওঁ শেহতীয়াকৈ নিজকে তুলনা কৰিছে পৃথিৱী বিখ্যাত ডা০ ধনীৰাম বৰুৱাৰ সৈতে। মানৱ শৰীৰত গাহৰিৰ হৃদপিণ্ড সংৰোপণ কৰা পৃথিৱীৰ প্ৰথমজন গৱেষক বিজ্ঞানীৰ সৈতে নিজক তুলনা কৰিবলৈ অলপো কুণ্ঠাবোধ কৰা নাই পংকজ পাঠকে।

নাৰী বিদ্বেষী মন্তব্য কৰি অগপৰ পৰা বহিস্কাৰ হোৱাৰ পিছতে পংকজ পাঠকে এটা ফেচবুক পোষ্টত লিখিছে- ‘ধনীৰাম বৰুৱাই ৩ বছৰ জে’লত আছিল, মইও যাবলৈ সাজু আছোঁ। এটা কথা ভাল হ’ল যে এতিয়া ৰাজনৈতিক শত্ৰু অলপ কমিব।’
ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতেই পংকজ পাঠকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে মহিলা দল-সংগঠনে। তৃণমূল কংগ্ৰেছৰ মহিলা সমিতি, ৰাইজৰ দল, মহিলা আয়োগ সকলোৱে গোচৰ তৰিছে তথাকথিত আচাৰ্য পংকজ পাঠকৰ বিৰুদ্ধে। কিন্তু তাৰ পিছতো অসম আৰক্ষীয়ে পাঠকক গ্ৰেপ্তাৰ নকৰাক লৈও সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

সৰু সৰু কথাতেই আইনী মেৰপেচত পেলাই কাৰাগাৰৰ ৰঙা ভাত খাবলৈ বাধ্য কৰা অসম চৰকাৰ কিম্বা আৰক্ষী-প্ৰশাসনে কিয় পংকজ পাঠকক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই বুলিও প্ৰশ্ন কৰিছে অনেকে।






Pingback: সকলো মহিলাক নহয়, অন্তৰ্বাস পিন্ধি ৰীল ভিডিঅ’ বনোৱা মহিলাকহে মই সেই কথা কৈছিলোঃ থানাই থানাই এজাহ