কিছু সময় পাছতেই এয়াৰ এম্বুলেন্সৰে গুৱাহাটীলৈ অনা হ’ব জুবিন গাৰ্গক…

কিছু সময় পাছতেই এয়াৰ এম্বুলেন্সৰে গুৱাহাটীলৈ অনা হ’ব জুবিন গাৰ্গক।

ডিব্ৰুগড়ত চিকাসাধীন হৈ থকা জুবিন গাৰ্গক এয়াৰ এম্বুলেন্সেৰে গুৱাহাটীলৈ অনা হ’ব।

গুৱাহাটীলৈ অনাৰ বাবে সকলো ব্যৱস্থাপনা কৰিছে ৰাজ্য চৰকাৰে।

ইপিনে জুবিন গাৰ্গৰ অসুস্থতা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সকলোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে।

413
কিছু সময় পাছতেই এয়াৰ এম্বুলেন্সৰে গুৱাহাটীলৈ অনা হ’ব জুবিন গাৰ্গক... 4

জুবিনে যাতে সকলো ধৰণৰ উন্নত চিকিৎসা সেৱা লাভ কৰে সেয়া সুনিশ্চিত কৰিবলৈ ডিব্ৰুগড়ৰ উপায়ুক্ত বিশ্বজিৎ পেগুক নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে।

image 211
কিছু সময় পাছতেই এয়াৰ এম্বুলেন্সৰে গুৱাহাটীলৈ অনা হ’ব জুবিন গাৰ্গক... 5

মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰয়োজনত জুবিন গাৰ্গক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ পৰা গুৱাহাটী বা ৰাজ্যৰ বাহিৰলৈও এয়াৰ এম্বুলেঞ্চৰ জৰিয়তে নিয়াৰ ব্যৱস্থা কৰিবলৈও স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক নিৰ্দেশ প্ৰদান কৰিছে।

উল্লেখ্য যে ডিব্ৰুগড়ৰ এখন ব্যক্তিগত ৰিজ’ৰ্টৰ বাথৰুমত ঢলি পৰা জুবিনে মূৰত আঘাত পাইছে।

তেওঁৰ মূৰত ৫ টাকৈ চিলাই পৰা বুলি জানিব পৰা গৈছে।

হাস্পতাল কৰ্তৃপক্ষই জনোৱা মতে তেওঁক বৰ্তমান আই চি ইউত ৰখা হৈছে।

অৱশ্যে ভাল খবৰ এয়াই যে আঘাত পালেও যথেষ্ট সুস্থ হৈ আছে জুবিন।

লগতে চাওকঃ

সংকটমুক্ত জুবিন গাৰ্গ! পত্নী গৰিমা শইকীয়াই আৰু কি ক’লে কণ্ঠশিল্পীগৰাকীৰ শেহতীয়া স্বাস্থ্য সন্দৰ্ভত

garg
কিছু সময় পাছতেই এয়াৰ এম্বুলেন্সৰে গুৱাহাটীলৈ অনা হ’ব জুবিন গাৰ্গক... 6