ঘোষণা কৰা হ’ল পঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰীৰ নাম।
চৰণজিৎ চন্নী হ’ব পঞ্জাৱৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী।
ছণ্ডীগড়ত অনুষ্ঠিত বিধায়িনী দলৰ বৈঠকত চৰণজিৎ চন্নীক পঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰী ৰূপে নিৰ্বাচিত কৰা হয়।
চৰণজ্যিৎ সিং কেপ্তেইন অমৰিন্দৰ সিং মন্ত্ৰী সভাৰ কাৰিকৰী শিক্ষা আৰু ঔদ্যোগিক প্ৰশিক্ষণ বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্বত আছিল।
কেপ্টেইন অমৰিন্দৰ সিঙে শনিবাৰে পদত্যাগ কৰিছিল মুখ্যমন্ত্ৰী পদৰ পৰা।
চৰণজ্যিৎ সিং চান্নিৰ নাম পঞ্জাৱৰ নতুন মুখ্য মন্ত্ৰী হিচাপে ঘোষণা কৰাৰ লগে লগে নৱজ্যোৎ সিং সিদ্ধু পঞ্জাৱৰ মুখ্য মন্ত্ৰী হোৱাৰ সকলো জল্পনা-কল্পনাৰ অৱসান ঘটে।
উল্লেখযোগ্য যে, পঞ্জাৱৰ মুখ্য মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পাছতে প্ৰাক্তন মুখ্য মন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে নৱজ্যোৎ সিং সিদ্ধুৰ বিৰুদ্ধে প্ৰতিবাদমুখ হৈ পৰিছিল।
সিঙে সিদ্ধু পঞ্জাৱৰ মুখ্যমন্ত্ৰী হোৱাটো দেশৰ সুৰক্ষাৰ প্ৰতি ভাবুকি স্বৰূপ হিচাপেও আখ্যা দিছিল।









