অক্টোবৰত খুলিব ৰাজ্যৰ ছবিগৃহ সমূহ…

অক্টোবৰত খুলিব ৰাজ্যৰ ছবিগৃহ সমূহ।

ক’ভিডৰ কঠোৰ নিৰ্দেশনাৰ মাজেৰে খোলা হ’ব ছবিগৃহ সমূহ।

ছেপ্টেম্বৰ মাহৰ কভিড পৰিস্থিতি পৰ্যবেক্ষণত কৰি অক্টোবৰৰ প্ৰথমত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব সিদ্ধান্ত

এই কথা ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।

 দুৰ্গাপূজাৰ সময়ত কাৰ্ফিউৰ সময় কিছু শিথিলতাৰ সম্ভাৱনা আছে বুলি মন্তব্য স্বাস্থ্যমন্ত্ৰী গৰাকীৰ।

তদুপৰি সংক্ৰমণৰ হাৰ হ্ৰাস পালে কাৰ্ফিউ শিথিল হ’ব বুলি কয় মন্ত্ৰী গৰাকীয়ে।

পূজাৰ বাবে ১ ঘণ্টা অধিক সময় খোল খাব পাৰে দোকান-পোহাৰ।

লগতে কয় যে শীঘ্রেই ৰাজ্যৰ প্ৰত্যেকখন চিকিৎসালয় ডিজিটেলি সংযোগ কৰাৰ পৰিকল্পনা কৰা হৈছে। এজন ৰোগী যিকোনো হস্পতাললৈ গ’লে পূৰ্বৰ সকলো তথ্য যাতে চিকিৎসকে অনলাইনতে চাব পাৰে তাৰ ব্যৱস্থা কৰা হ’ব।

উল্লেখ্য যে ছবিগৃহ সমূহ মুকলি কৰাৰ দাবীত আজি বিভিন্ন ঠাইত প্ৰতিবাদ সাব্যস্ত হৈছিল।

Leave a Comment