ৰাষ্ট্ৰীয়

নৰ্দমা পৰিষ্কাৰ কৰিবলৈ নামি উশাহ বন্ধ হৈ কৰুণ মৃত্যু সাৱটিলে তিনিজন শ্ৰমিকে…

এক শোকাৱহ ঘটনা।

নৰ্দমা পৰিষ্কাৰ কৰিবলৈ নামি উশাহ বন্ধ হৈ কৰুণ মৃত্যু সাৱটিলে তিনিজন শ্ৰমিকে।

মঙবাৰে মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ জিলাত এই ঘটনা সংঘটিত হৈছে।

জানিব পৰা মতে, ৱেষ্টাৰ্ণ কোল্ডফিল্ড লিমিটেডৰ তিনিজন ঠিকাভিত্তিক শ্ৰমিকে নৰ্দমাৰ টেংকী পৰিষ্কাৰ কৰিবলৈ নামে।

নৰ্দমাৰ গলিত আৱৰ্জনাৰ উৎকট গোন্ধৰ বাবেই তিনিওজন শ্ৰমিকৰ উশাহ-নিশাহ বন্ধ হৈ মৃত্যু ঘটে।

মঙলবাৰে পুৱা প্ৰায় ৯ মান বজাত চাৰিজন শ্ৰমিকে নৰ্দমাৰ টেংকী পৰিষ্কাৰ কৰিবলৈ নামিছিল।

ইপিনে এজন শ্ৰমিক অসুস্থ হৈ পৰে বুলি জানিব পৰা গৈছে।

এই ঘটনাৰ পাছতে মহাৰাষ্ট্ৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *