
দৈনিক ৰাশিফল (Horoscope): ২৪ মাৰ্চ, বৃহস্পতিবাৰ
মেষ ৰাশি- আজিৰ দিনটো আপোনাৰ বাবে ভাল দিন হ’ব। কিছুমান ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। পাৰিবাৰিক সম্পৰ্কত সম্প্ৰীতি থাকিব। ক্ৰীড়াৰ প্ৰতি আগ্ৰহ বৃদ্ধি হ’ব, একাডেমীত যোগদান কৰাৰ কথা বিবেচনা কৰিব পাৰে। মাতৃৰ পৰা সমৰ্থন লাভ কৰিব। ব্যৱসায়ী সকলে ব্যৱসায় সম্প্ৰসাৰণৰ চিন্তা কৰিব পাৰে। চাকৰিয়াল সকলে ভ্ৰমণ কৰিবলগা হব পাৰে।
লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল
বৃষ ৰাশি- আজিৰ দিনটো আপোনাৰ বাবে এক সুন্দৰ দিন হ’ব। মতন আনন্দ আৰু সুখ থাকিব। নতুন ব্যৱসায়ে আপোনাক বিত্তীয় লাভ প্ৰদান কৰিব। পৰিয়ালৰ সদস্য সকলৰ সৈতে বাহিৰলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। একাগ্ৰতাৰে কৰা কামে আপোনাক সুফল প্ৰদান কৰিব। পিতৃৰ স্বাস্থ্যৰ যতন লওক। পত্নীৰ সৈতে তৰ্কত লিপ্ত হোৱাৰ পৰা আঁতৰি থাকক।
মিথুন ৰাশি- আজি আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু আপুনি নাম আৰু খ্যাতি লাভ কৰিব। আপোনাৰ বিৰোধীসকল নিষ্ক্ৰিয় হৈ থাকিব আৰু আপুনি গুৰুত্বপূৰ্ণ কৰ্তৃপক্ষৰ পৰা সম্পূৰ্ণ সহযোগিতা লাভ কৰিব। আপুনি আপোনাৰ সকলো প্ৰচেষ্টাত সফলতা লাভ কৰিব আৰু আপোনাৰ কিছুমান উচ্চাকাংক্ষা পূৰণ হ’ব। ব্যৱসায়ী সকলে শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিব পাৰে। চাকৰিয়াল সকলৰ সন্মান বৃদ্ধি হব।
লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল
কৰ্কট ৰাশি- আজি আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ’ব, আপুনি সকলো গুৰুত্বপূৰ্ণ কাম সহজে সম্পূৰ্ণ কৰিব পাৰিব। ধনৰ লেনদেনৰ বাবে এইটো এটা ভাল দিন। উপাৰ্জনৰ নতুন উৎস বিচাৰি পাব। একে সময়তে, আপুনি আপোনাৰ পুৰণি সমস্যাবোৰ পাহৰি যাব আৰু পৰিয়ালৰ সৈতে ভাল সময় অতিবাহিত কৰিবলৈ সক্ষম হব। ব্যয় বৃদ্ধিৰ প্ৰতি সাৱধান হওক। পৰিয়ালত ধৰ্মীয় কাৰ্যসূচী থাকিব পাৰে।
সিংহ ৰাশি- দিনটো মসৃণভাৱে পাৰ হ’ব। কোনো বিশেষ কাম বা প্ৰত্যাহ্বান নাথাকিব। আপুনি কামৰ সন্দৰ্ভত যাত্ৰা কৰিবলগা হ’ব পাৰে। অৱশ্যে এই যাত্ৰা আপোনাৰ বাবে লাভজনক প্ৰমাণিত হব। যিমান সম্ভৱ মনটো ইতিবাচক চিন্তাত নিমজ্জিত ৰাখক। ঘৰলৈ অতিথিৰ আগমণ ঘটিব পাৰে। পত্নী আৰু মাতৃৰ পৰা সহায়-সমৰ্থন লাভ কৰিব পাৰিব। শিশুৰ স্বাস্থ্যই কিছু চিন্তিত কৰিব পাৰে।
কন্যা ৰাশি- আজি আপুনি বিভিন্ন উৎসৰ পৰা আৰ্থিক লাভালাভ লাভ কৰিব। আপোনাৰ কিছুমান উচ্চাকাংক্ষা পূৰণ হ’ব পাৰে। পৰিয়াল আৰু নিজৰ বাবে কোনো বিলাসী সামগ্ৰী ক্ৰয় কৰিব পাৰে। সুস্বাদু খাদ্যৰ প্ৰতি প্ৰৱণতা বৃদ্ধি পাব। কিন্তু আজি বাহিৰত খাদ্য গ্ৰহণ কৰাৰ পৰা পাৰিলে আতৰি থাকক, অন্যথা পেটৰ ৰোগ আদিত আক্ৰান্ত হ’ব পাৰে। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব। ব্যৱসায়ী সকলৰ বাবেও দিনটো শুভ। পৰিয়ালত সদ্ভাৱ থাকিব।
লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল
তুলা ৰাশি- দিনটো কিছু প্ৰত্যাহ্বানৰ মাজেৰে পাৰ হব। খৰখেদাকৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ পৰা বিৰত থাকক। সামাজিক কাৰ্যত আপোনাৰ সন্মান বৃদ্ধি পাব। ব্যৱসায়ত বিনিয়োগ কৰিব পাৰে। যদি চাকৰি সলনি কৰাৰ কথা ভাৱি আছে, তেন্তে প্ৰথমে নিজকে প্ৰস্তুত কৰি লওক। বন্ধুৰ সহযোগত নিযুক্তিৰ নতুন বাট মুকলি হ’ব পাৰে। শৈক্ষিক কামত জড়িত সকলে তেওঁলোকৰ কামৰ জৰিয়তে খ্যাতি অৰ্জন কৰিব পাৰিব।
বৃশ্চিক ৰাশি- আজি পৰিয়ালৰ সৈতে ভ্ৰমণলৈ যাব পাৰে। পূৰ্বে কৰা কোনো কামৰ বাবে আজি আপুনি ধন লাভ কৰিব পাৰে। ব্যৱসায়ীসকে তেওঁলোকৰ ব্যৱসায়ৰ সম্প্ৰসাৰণ ঘটাব পাৰে। অত্যাধিক খং পৰিহাৰ কৰি নচলিলে আপোনজনৰ সৈতেও আপোনাৰ বিবাদ ঘটিব পাৰে। শত্ৰুৰ পৰা সাৱধান হৈ থাকক। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব। শিশুৰ পৰা ভাল খবৰ লাভ কৰিব পাৰে। মন বিচলিত হব পাৰে।
ধনু ৰাশি- আইনী কাম-কাজত আজি আপুনি সফলতা লাভ কৰিব পাৰিব। বিত্তীয় লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক। পৰিয়ালৰ মাজত মতভেদ ঘটিব পাৰ। অৱশ্যে আপুনি আজি আপোনাৰ ভাতৃ-ভগ্নীৰ পৰা ব্যৱসায় সংক্ৰান্তীয় কাৰণত পূৰ্ণ সমৰ্থন লাভ কৰিব। শিক্ষাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। দাম্পত্য জীৱনত কিছু জটিলতা আছে। চাকৰিয়াল সকলে ভ্ৰমণ কৰিবলগা হ’ব পাৰে।
মকৰ ৰাশি- মানসিক চাপ বৃদ্ধি হব। অপ্ৰয়োজনীয় চিন্তাই মন-মগজুক অশান্ত কৰিব পাৰে। খং আৰু আবেগ পৰিহাৰ কৰি চলক। হঠাৎ কোনো এজন বন্ধুৰ সৈতে আপোনাৰ সাক্ষাতে আপোনাক আনন্দিত কৰি তুলিব। ব্যৱসায়ত সফলতা লাভ কৰিবলৈ সক্ষম হ’ব। আজি পাৰিলে দূৰ ভ্ৰমণ পৰিহাৰ কৰক। সামাজিক স্থানত স্ব-সংযত হওক। পত্নীৰ পৰা সমৰ্থন লাভ কৰিবলৈ সক্ষম হব।
লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল
কুম্ভ ৰাশি- আজি সিদ্ধান্ত লোৱাৰ পূৰ্বে সচেতন হওক। মানসিক চাপ পৰিহাৰ কৰি চলক। পৰিয়ালৰ মাজত তিক্ততা আহিব পাৰে। কিন্তু আপুনি বিনম্ৰ হৈ চলিলে সদ্ভাৱ বৃদ্ধি পাব। আজি ক্ষুদ্ৰ ব্যৱসায়ী সকলে অধিক লাভ অৰ্জন কৰিবলৈ সক্ষম হব। কৰ্মক্ষেত্ৰত অনুকুল পৰিৱেশ থাকিব। সতীৰ্থৰ সহযোগত আধৰুৱা হৈ থকা কাম সম্পূৰ্ণ কৰিব পাৰে। সন্ধিয়া এজন বন্ধুৰ ঘৰলৈ ফুৰিবলৈ যাব পাৰে।
মীন ৰাশি- আজি ব্যৱসায়ৰ ক্ষেত্ৰত কিছু সমস্যা হ’ব পাৰে। কিন্তু উপাৰ্জন বৃদ্ধি সম্ভৱ। বিবাহিত জীৱন মনোৰম আৰু অনুকূল হ’ব। পাৰিবাৰিক জীৱন আনন্দদায়ক হ’ব। মাতৃৰ স্বাস্থ্যৰ যতন লওক। সন্তানৰ ভৱিষ্যতক লৈ আপুনি আজি চিন্তিত হব পাৰে। শিক্ষাৰ ক্ষেত্ৰত আপুনি আজি অধিক পৰিশ্ৰম কৰিব লাগিব। মনটো আনন্দদায়ক কামত নিয়োজিত ৰাখক। ধৰ্মীয় স্থানলৈ যাব পাৰে।