কাজিৰঙাত গঁড়ক প্ৰচণ্ড খুন্দা তীব্ৰবেগী ট্ৰাকৰ…

নিউজ ডেস্ক। কাজিৰঙাৰ ৰাজপথত তীব্ৰবেগী ট্ৰাকৰ বাবে ঘটিল এক অনাকাংক্ষিত ঘটনা।

তীব্ৰবেগী ট্ৰাকে প্ৰচণ্ড জােৰে খুন্দিয়ালে এটা গঁড়।

চিচিটিভি কেমেৰাত আবদ্ধ হ’ল সমগ্ৰ ঘটনাৰ দৃশ্য।

উল্লেখ্য যে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ পথেৰে যান–বাহন চলাচলৰ ক্ষেত্ৰত বান্ধি দিয়া নীতি–নিয়মক বুঢ়া আঁঙুলি দেখুৱাই আহিছে একাংশ অসচেতন লােকে।

G3 1
কাজিৰঙাত গঁড়ক প্ৰচণ্ড খুন্দা তীব্ৰবেগী ট্ৰাকৰ... 2

ইয়াৰ ফলতে পুনৰ দ্ৰুতগতিত অহা ট্ৰাকৰ খুন্দাত আহত হয় প্ৰকাণ্ড গঁড়টো।

জানিব পৰা মতে, এই ঘটনাটো সংঘটিত হয় কাজিৰঙাৰ হালধিবাৰী এনিমেল কৰিড’ৰৰ ঘাইপথৰ অংশত।

যোৰহাটৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা WB 91 6749 নম্বৰৰ ট্ৰাকখনে ৰাজপথত ওলাই অহা প্ৰকাণ্ড গঁড়ক সন্মুখৰ পৰা খুন্দিয়াই পলায়ন কৰে। কিন্তু বাগৰি আৰক্ষীৰ সহযোগত বাগৰিত জব্দ কৰিবলৈ সক্ষম হয় ট্ৰাকখন।

ট্ৰাকখনৰ বিৰুদ্ধে গোলাঘাট জিলা পৰিবহণ বিভাগে চাৰি হাজাৰ আৰু বন বিভাগে পাঁচ হাজাৰ, মুঠ ৯ হাজাৰ টকাৰ জৰিমনা বিহে।

ইফালে বন বিভাগে হাতীৰ সহায়ত অৰণ্যত আহত গঁড়টোৰ সন্ধান অব্যাহত ৰাখিছে।

ইপিনে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাৰ ভিডিঅ’ টুইটাৰত শ্বেয়াৰ কৰি ঘটনাত দুখ প্ৰকাশ কৰিছে।

লগতে বন্যপ্ৰাণীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ কাজিৰঙাৰ মাজেৰে ৩২ কিমিৰ এলিভেটেড ক’ৰিডৰ নিৰ্মাণৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰিছে।