অসম

আৰক্ষীৰ অভিযানত আটক চাৰি জাল নোট ব্যৱসায়ী…

আৰক্ষীৰ অভিযানত আটক চাৰি জাল নোট ব্যৱসায়ী।

মঙলদৈ আৰক্ষীয়ে মঙলদৈ চহৰত অভিযান চলাই চাৰিজন জাল নোট ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়।

এই সন্দৰ্ভত মঙলদৈ আৰক্ষীয়ে শনিবাৰে আৰক্ষীয়ে কোনোধৰণৰ মনন্তব্য প্ৰকাশ কৰা নাছিল।

দেওবাৰে মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুত কাকতিয়ে সংবাদ মাধ্যমযোগে এই কথা সদৰি কৰি জানিবলৈ দিয়ে যে, মেঘালয় গাৰোপাহাৰৰ পৰা চাৰিজন ব্যক্তিক আটক কৰি দেওবাৰে জেল হাজোতলৈ প্ৰেৰণ কৰিছে।

image 65

লগতে চাৰিওজন ব্যক্তিক আটক কৰাৰ উপৰিও এখন বাহনো জব্দ কৰিছে আৰক্ষীয়ে।

জেল হাজোতলৈ প্ৰেৰণ কৰা লোককেইজন গাৰোপাহাৰৰ চাৰেব আলী শ্বেখ, ৰবিবুল হুছেইন, মনোৱাৰ হুছেইন আৰু ছহিৰুল মণ্ডল।

Leave a Reply

Your email address will not be published. Required fields are marked *