নেপালীসকলক বিদেশী বোলা উচিত নহয়।
কোনো নেপালী সম্প্ৰদায়ৰ নাম যাতে ডি-ভোটাৰত নাথাকে তাৰ ব্যৱস্থা লোৱা হ’ব।
বুধবাৰে মুছলপুৰৰ নিকাছিত অনুষ্ঠিত হোৱা অসম গোৰ্খা সন্মিলনৰ ২৭ তম ত্ৰি বাৰ্ষিক অধিবেশনৰ মুকলি সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গোৰ্খাসকল অসমৰ এক অবিচ্ছেদ্য অংগ বুলি অভিহিত কৰে।
Attended the 27th Triennial Kendriya Adhiveshan of Asom Gorkha Sammelan.
— Himanta Biswa Sarma (@himantabiswa) May 18, 2022
Gorkha community is an integral part of Assam and its vibrant culture, traditions & literature make it even more special. We are committed to work towards all round development of the Gorkhas. pic.twitter.com/EyRpnPu1D8
তেওঁ কয়- অসমৰ জাতীয় জীৱনত গোৰ্খাসকলৰ অৱদান অতুলনীয়৷ প্ৰাচীন কালৰে পৰা অসমত গোৰ্খাসকলে বসবাস কৰি আহিছে৷ গোৰ্খাসকলে স্বাধীনতা আন্দোলনত অংশ লৈ দেশপ্ৰেম আৰু জাতীয়প্ৰেমৰ পৰিচয় দি আহিছে।
লগতে নেপালীসকলক জাতিগত প্ৰমাণপত্ৰ দিবলৈ চৰকাৰী বিষয়া-কৰ্মচাৰীক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে।
তেওঁ লগতে কয়- ডি ভোটাৰৰ নামত নেপালীসকলক আৰক্ষীয়ে অযথা হাৰাশাস্তি নকৰিব৷ অসমীয়া ভাষীসকলৰ সমান্তৰালকৈ গোৰ্খাসকলক মৰ্যাদা প্ৰদান কৰা হৈছে৷ নেপালী ভাষী ছাত্ৰ-ছাত্ৰীসকলে নৱম শ্ৰেণীতে জাতিগত প্ৰমাণ পত্ৰ লাভ কৰিব।









