বিজেপিত এদিন অট্টালিকা বনাইছিলো, এতিয়া সেই অট্টালিকাত আনে থাকেঃ আকৌ বিজেপিলৈ ঘূৰি যাব নেকি আৰ পি শৰ্মা? কি ক’লে…

নিউজ ডেস্কঃ ‘বিজেপিত অট্টালিকা বনাইছিলো। এতিয়া সেই অট্টালিকাত আনে থাকে।’ -এই নেতা একালৰ বিজেপি সাংসদ তথা বৰ্তমানৰ কংগ্ৰেছ নেতা আৰপি শৰ্মাৰ।

গোৰ্খা সন্মিলনত অংশ লোৱাৰ পিছত সাংবাদিকৰে বাৰ্তালাপৰ সময়ত তেওঁৰ ভৱিষ্যতৰ ৰাজনৈতিক কেৰিয়াৰ সন্দৰ্ভত স্থিতি স্পষ্ট কৰে আৰ পি শৰ্মাই।

কেতিয়াও আৰু তেওঁ বিজেপিলৈ উভতি নাযায় বুলি মন্তব্য কৰি আৰ পি শৰ্মাই কয় যে বিজেপিৰ বেয়া দিনত যিদৰে তেওঁ দলটোত আছিল, সেইদৰে এতিয়া কংগ্ৰেছৰ বেয়া সময়তো তেওঁ কংগ্ৰেছতে থাকিব।

অসমত কংগ্ৰেছক শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই যুৱ প্ৰজন্মক অগ্ৰাধিকাৰ দি সুন্দৰ নেতৃত্ব বহন কৰিছে বুলি মন্তব্য কৰে আৰ পি শৰ্মাই।

তেওঁ কয় যে কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মীৰ এতিয়াও দলৰ ওপৰত আস্থা আছে, সেয়ে ২০২৪ৰ নিৰ্বাচনত কংগ্ৰেছে জয়লাভ কৰাটো নিশ্চিত।

আৰ পি শৰ্মাই কয়, ‘বিজেপি-আৰএছএছত ৪৫ বছৰ কাম কৰি অট্টালিকা সাজিছিলো, এতিয়া সেই অট্টালিকাত আনে বাস কৰে। এদিন কংগ্ৰেছতো অট্টালিকা সাজিম।’

ইফালে বিজেপিক বিবাহ বিচ্ছেদ ঘটা পত্নীৰ সৈতে তুলনা কৰি কংগ্ৰেছ নেতাগৰাকীয়ে কয়, ”এবাৰ বিবাহ বিচ্ছেদ কৰাৰ পিছত যিমান মৰম জাগিলেও, যিমান প্ৰেম হলেও সেই পত্নীক ঘৰলৈ আনিব নালাগে। তেতিয়া ঘৰ ধ্বংস হয়, সুখ হেৰায়। এবাৰ বিজেপিৰ পৰা অহাৰ পিছত আকৌ সেই দলটোলৈ গ’লে বজৰুৱা হৈ যাম। লাগিলে ৰাজনীতিয়েই নকৰো, কিন্তু বজৰুৱা হ’ব নিবিচাৰো।’’

Leave a Comment