অসম

কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক…

প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ।

দল বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ কৰা হৈছে নীলমণি সেন ডেকাক।

অসম প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ ভূপেন বৰাৰ নিৰ্দেশত ডেকাক বহিস্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

Image

উল্লেখ্য যে, নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক নীলমণি সেন ডেকাই দলৰ কেন্দ্ৰীয় নেতৃত্বক তীব্ৰ সমালোচনা কৰি প্ৰভাৰী সকল অসমলৈ কেৱল ধন সংগ্ৰহৰ বাবেহে আহে বুলি বিস্ফোৰক মন্তব্য কৰিছিল।

ইয়াৰ উপৰি, তেওঁ অসম কংগ্ৰেছৰ প্ৰভাৰী জিতেন্দ্ৰ সিং সন্দৰ্ভত কৈছিল যে, জিতেন্দ্ৰ সিঙে নিৰ্বাচনৰ সময়ত বিভিন্ন প্ৰাৰ্থীৰ পৰা টিকট দিয়াৰ নাম ধনত সংগ্ৰহ কৰিছিল।   

Leave a Reply

Your email address will not be published. Required fields are marked *