আন্তঃৰাষ্ট্ৰীয়অসমীয়া

নেপালত বিমান দুৰ্ঘটনাত সন্ধানহীন ভাৰতৰ এটা পৰিয়ালৰ ৪ সদস্য

নিউজ ডেস্ক। উৰণৰ কিছুসময় পিছতে‌ মধ্য আকাশৰ পৰা ১৯ যাত্ৰীসহ সন্ধানহীন হোৱা নেপালৰ এখন ক্ষুদ্ৰ বিমানৰ ধ্বংসাৱশেষৰ অৱস্থান পোৱা গৈছে।

অৱশ্যে এই দুৰ্ঘটনাত কােনাে লােকৰ জীৱন্তে উদ্ধাৰ হােৱাৰ সম্ভাৱনা ক্ষীণ হৈ পৰিছে।

বিমানখনৰ ধ্বংসাৱশেষ নেপালৰ মুষ্টাং এলেকাৰ প্ৰত্যক্ষ কৰা হৈছে যদিও বেয়া বতৰৰ বাবে বাধাগ্ৰস্ত হৈছে উদ্ধাৰ অভিযান।

কি কাৰণত এয়াৰ ৯ এনএইটি বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল এই বিষয়ে একো নিশ্চিত তথ্য এতিয়ালৈকে পোৱা হোৱা নাই।

plane missing

উদ্ধাৰকাৰী দলটো ইতিমধ্যে ঘটনাস্থলীলৈ ৰাওনা হৈছে।‌

উল্লেখযোগ্য যে, বিমানখনে দেওবাৰে ৰাতিপুৱা নেপালৰ পোখৰাৰ পৰা জামচামলৈ উৰা মাৰিছিল।

তিনিজন কেবিন ক্ৰু সহ ১৯ জন যাত্ৰী আছিল।

তেওঁলোকৰ ভিতৰত চাৰিজন ভাৰতীয় যাত্ৰী আছিল। আটাইকেইজনে ওডিষ্যাৰ ভুৱনেশ্বৰৰ এটা পৰিয়ালৰে সদস্য বুলি জানিব পৰা গৈছে।

G2 16

খবৰ অনুসৰি ইয়াৰে পৰিয়ালৰ মুৰব্বী অশোক ত্ৰিপাঠীয়ে পত্নী, পুত্ৰ-কন্যাৰ সৈতে নেপাল ভ্ৰমণলৈ গৈছিল।

অশোকে ইনফ’ছিছ, ভুৱনেশ্বৰৰ সৈতে কাম কৰি থকাৰ বিপৰীতে পত্নী ৰিতাই মুম্বাইত কাম কৰি আছে। এই পৰিয়ালটাে মুম্বাইত বাস কৰি আছিল।

নেপালত ছুটীত থকা পৰিয়ালটোৱে আজি পুৱা নেপালৰ পোখাৰাত টাৰা এয়াৰৰ ৯ এন এ ই টিক এই বিমানখনৰ যাত্ৰী আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *