অসম

নিৰাপত্তা কৰ্তন কৰাৰ এদিন পাছতে পঞ্জাৱত কণ্ঠশিল্পী সিদ্ধু মোছৱালাক গুলীয়াই হত্যা…

পঞ্জাৱী কণ্ঠশিল্পী সিদ্ধু মোছৱালাক গুলীয়াই হত্যা।

আপ চৰকাৰে নিৰাপত্তা কৰ্তন কৰাৰ এদিন পাছতে অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে কণ্ঠশিল্পীগৰাকীক।

পঞ্জাৱৰ মনচা জিলাৰ জৱাহৰকে জিলাত অচিনাক্ত দুৰ্বৃত্তৰ গুলীৰ আক্ৰমণত গুৰতৰভাৱে আঘাতপ্ৰাপ্ত হয় সিদ্ধু মোছৱালা।

image 175

লগে লগে কণ্ঠশিল্পীগৰাকীক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও কণ্ঠশিল্পী গৰাকীৰ জীৱন ৰক্ষা কৰিব পৰা নগ’ল।

কণ্ঠশিল্পী তথা কংগ্ৰেছ নেতা সিন্ধু মোছৱালাৰ বাহনৰ ওপৰত অচিনাক্ত দুৰ্বৃত্তই প্ৰায় ৩০ ৰাউণ্ড গুলী নিক্ষেপ কৰে।

image 176

শেহতীয়াভাৱে সিন্ধু মোছৱালাৰ লগতে পঞ্জাৱত ৪০০ গৰাকী লোকৰ নিৰাপত্তা পঞ্জাৱ চৰকাৰে কৰ্তন কৰিছিল।

উল্লেখ্য যে, পঞ্জাৱ নিৰ্বাচনত সিন্ধুৱে কংগ্ৰেছৰ হৈ যুঁজিছিল নিৰ্বাচনত।

Leave a Reply

Your email address will not be published. Required fields are marked *