অসমীয়াআন্তঃৰাষ্ট্ৰীয়

নৃশংস হত্যাযজ্ঞ! বন্দুকধাৰী দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলীচালনাত নিহত ১৯টি শিশুসহ ২১ জনৰ

নিউজ ডেস্কঃ এক ভয়ংকৰ কাণ্ডই জোকাৰি গ’ল আমেৰিকাৰ টেক্সাছ চহৰৰ। চহৰখনৰ এখন প্ৰাথমিক বিদ্যালয়ত এজন বন্দুকধাৰী দুৰ্বৃত্তই চলোৱা নিৰ্বিচাৰ গুলীচালনাত ১৯টি শিশুসহ ২১ জনে প্ৰাণ হেৰুৱায়।

এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰাৰ পিছতে নিৰাপত্তাৰক্ষীৰ গুলীত মৃত্যু ঘটে দুৰ্বৃত্তজনৰো।

image 78

টেক্সাছত হত্যাযজ্ঞ পতা বন্দুকধাৰী দুৰ্বৃত্তজনক উভালডেৰ ১৮ বৰ্ষীয় ছালভাডৰ ৰামোছ বুলি চিনাক্ত কৰা হৈছে।

ইফালে দুৰ্বৃত্তজনে এই ভয়ানক কাণ্ড সংঘটিত কৰাৰ পূৰ্বে নিজৰ আইতাতকো গুলীয়াই আহত কৰা বুলি জানিবলৈ দিছে টেক্সাছ ডিপাৰ্টমেণ্ট অৱ পাব্লিক ছেফটি চাৰ্জেণ্ট এৰিক এষ্ট্ৰাডাই।

image 79

উভাল্ডে কনচলিডেটেড ইণ্ডিপেণ্ডেণ্ট স্কুল জিলা আৰক্ষী অধীক্ষক পিট আৰেডণ্ডোৱে জনোৱা মতে, বন্দুকধাৰীয়ে অকলেই কাম কৰিছিল বুলি সন্দেহ কৰা হৈছে।

image 80

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০১২ চনত কানেকটিকাটত ছেণ্ডী হুক হত্যাকাণ্ডত ৬ৰ পৰা ৭ বছৰৰ ভিতৰৰ ২০টা শিশুকে ধৰি ২৬ জন লোকৰ মৃত্যু ঘটিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *