কলেজীয়া ছাত্ৰী নিশাৰ হত্যাকাৰী ব্যৰ্থ প্ৰেমিকক গ্ৰেপ্তাৰ আৰক্ষীৰ

নিউজ ডেস্ক। অৱশেষত আৰক্ষীৰ জালত পৰিল একাদশ শ্ৰেণীত অধ্যয়নৰত ১৮ বছৰীয়া কলেজীয়া ছাত্ৰী নিশা সিন্হা (১৮)ৰ হত্যাকাৰী।

গােপন সূত্ৰৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে হত্যাকাৰী ব্যৰ্থ প্ৰেমিক অমৰ সিন্হাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে অমৰ সিন্হাৰ দূৰ সম্পৰ্কীয় ভগ্নী আছিল নিশা সিন্হা নামৰ যুৱতীগৰাকী।

P1 9
কলেজীয়া ছাত্ৰী নিশাৰ হত্যাকাৰী ব্যৰ্থ প্ৰেমিকক গ্ৰেপ্তাৰ আৰক্ষীৰ 4

নিশা সিন্হা

কিন্তু একপক্ষীয় প্ৰেমৰ বাবেই অমৰ সিন্হাই চােকা অস্ত্ৰ উপৰ্যুপৰি আক্ৰমণ চলাই শিলচৰৰ চেংগকুৰি অঞ্চলত দিন দুপৰতে নৃশংসভাৱে হত্যা কৰে নিশাক।

এই শিহৰণকাৰী ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে সমগ্ৰ শিলচৰ চহৰতে।

জানিব পৰা মতে, নিশাৰ পিতৃ এজন সেনা জোৱান। তেওঁৰ নাম নবকুমাৰ সিনহা।

P2 7
কলেজীয়া ছাত্ৰী নিশাৰ হত্যাকাৰী ব্যৰ্থ প্ৰেমিকক গ্ৰেপ্তাৰ আৰক্ষীৰ 5

আক্ৰমণকাৰী অমৰ সিন্হা মণিপুৰৰ জিৰিবামৰ নিবাসী।

শিলচৰৰ চেংকুৰী ভকতপুৰৰ আৰক্ষী মধু সিনহাৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল ঘাতক অমৰ সিন্হা। লগতে অমৰ সিন্হা ইণ্ডাষ্ট্রিয়াল বেংকৰ এজন কৰ্মচাৰী বুলিও জানিব পৰা গৈছে।

এই চাঞ্চল্যকৰ হত্যাকাণ্ড ঘটিত হয় মংগলবাৰে দিনৰ প্ৰায় ডেৰ বজাত।

সেই সময়ত নিশা সিন্হাই এটি শিশুৰ সৈতে কাষতে থকা খেতিপথাৰলৈ গৈছিল।

P1 6
কলেজীয়া ছাত্ৰী নিশাৰ হত্যাকাৰী ব্যৰ্থ প্ৰেমিকক গ্ৰেপ্তাৰ আৰক্ষীৰ 6

ঘাতক অমৰ সিন্হা

উক্ত খেতিপথাৰতে হাতত চোকা অস্ত্ৰ লৈ পূৰ্বতে সাজু হৈ আছিল ঘাতক অমৰ সিন্হা।

যুৱতীগৰাকী উক্ত স্থান পোৱাৰ লগে লগে যুৱকজনে অতর্কিতে চোকা অস্ত্ৰৰে উপর্যুপৰি আক্রমণ চলায়।

এই আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্রাপ্ত যুৱতীগৰাকীৰ ঘটনাস্থলীতে মৃত্যু ঘটে।

পিচত স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰে।

আক্ৰমণ সংঘটিত কৰিয়েই যুৱকজন উক্ত স্থানৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়।

Leave a Comment