অসম

নিৰীহৰ হত্যাৰ প্ৰতিবাদত পুনৰ নাগালেণ্ডৰ মন জিলা বন্ধ ঘোষণা…

নিৰীহৰ হত্যাৰ প্ৰতিবাদত পুনৰ নাগালেণ্ডৰ মন জিলা বন্ধ ঘোষণা।

কন্যাক ষ্টুডেণ্ট ইউনিয়নে ঘোষণা কৰিছে এই বন্ধৰ।

বৃহস্পতিবাৰে পুৱা ৬ৰ পৰা বিয়লি ৪ বজালৈ জিলাখনত বন্ধ ঘোষণা কৰা হৈছে। 

অৱশ্যে জৰুৰী সেৱাসমূহক বন্ধৰ পৰা ৰেহাই দিয়া হৈছে।

ইয়াৰ পূৰ্বে, সেনাক কোনো ধৰণৰ সহযোগ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি কন্যাক ইউনিয়নে।

১৩ ডিচেম্বৰত কন্যাক ইউনিয়নে এক নিৰ্দেশনাৰ জৰিয়তে নিৰীহে ন্যায় নোপোৱা পৰ্যন্ত সেনাৰ সৈতে কোনো ধৰণৰ কাৰ্যকলাপত সহযোগ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। 

সংগঠনটোৱে নিৰ্দেশনাত প্ৰকাশ কৰা অনুসৰি, ১৪ নিৰীহে ন্যায় নোপোৱা পৰ্যন্ত কন্যাক ভূমিত সেনা বাহিনীৰ চলাচলত বাধা প্ৰদান কৰা হৈছিল।

ইয়াৰোপৰি, মন জিলাত সামৰিক নিযুক্তিতো বাধা প্ৰদানৰ লগতে কন্যাক যুৱকক সামৰিক নিযুক্তি প্ৰক্ৰিয়াত অংশ লোৱাত বাধা আৰোপ কৰিছিল সংগঠনটোৱে। 

Leave a Reply

Your email address will not be published. Required fields are marked *