
শোকাৱহ! ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ককা-নাতিৰ…
এক অতি মৰ্মান্তিক ঘটনা।
ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ককা-নাতিৰ।
কাৰ্বি আংলং জিলাৰ বৰপথাৰ থানাৰ অন্তৰ্গত চাহ বাগিচাত নিশা সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড।
উক্ত অগ্নিকাণ্ডত বিনামু পাণিকা নামৰ লোকজনৰ বাসগৃহ সম্পূৰ্ণৰূপে জুইত জাহ যায়।
অগ্নিকাণ্ডৰ সময়ত ঘৰত ভিতৰত থকা বিনামু পাণিকা আৰু পাঁচ বছৰীয়া নাতিয়েক দ্বীপ পাণিকা ঘৰৰ পৰা ওলাই আহিব নোৱাৰাত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে।
নিশা ঘৰত জ্বলাই থোৱা মমৰ শিখাৰ পৰা এই জুইৰ সূত্ৰপাত ঘটাৰ সন্দেহ কৰিছে ৰাইজে।
ইফালে অগ্নিকাণ্ডৰ সময়ত অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াৰ পিছতো সময়মতে উপস্থিত নোহোৱাৰ অভিযোগ ৰাইজৰ।
ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।





