নিৰাপত্তা বাহিনীৰ সৈতে সংঘৰ্ষত কমেও ২৬ মাওবাদী নিহত

নিউজ ডেস্ক। মহাৰাষ্ট্ৰৰ গড়চিৰোলী জিলাৰ এক ঘন অৰণ্যত নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ মাজত ভয়ংকৰ সংঘৰ্ষ।

সংঘৰ্ষত কমেও ২৬ জন মাওবাদী নিহত হোৱা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

সংঘৰ্ষত চাৰিজন আৰক্ষীও আহত হোৱা বুলি জানিব পৰা গৈছে। যিসকলক চিকিৎসাৰ বাবে নাগপুৰলৈ লৈ যোৱা হয়।

FEFMo-X8-VIAEcb-Yw

আৰক্ষী অধীক্ষক অংকিত গোৱেলে জনোৱা অনুসৰি, “আমি এতিয়ালৈকে ২৬ টা মৃতদেহ উদ্ধাৰ কৰিছো। মৃত মাওবাদীসকলক দেওবাৰে ৰাতিপুৱাহে চিনাক্ত কৰা হ’ব।”

খবৰ অনুসৰি, এই সংঘৰ্ষ গড়চিৰোলীৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া অভিযান সমূহৰ ভিতৰত অন্যতম এটা আছিল। ই পুৱা প্ৰায় ৬ বজাত আৰম্ভ হৈছিল আৰু আবেলি ৪ বজাৰ ভিতৰত সমাপ্ত হৈছিল। যদিও আৰক্ষীয়ে দাবী কৰিছে যে গড়চিৰোলী আৰক্ষীৰ প্ৰায় ১০০ জন প্ৰভাৱশালী চি-৬০ কমাণ্ডোৱে এই অভিযান চলাইছিল, কিন্তু সূত্ৰৰ খবৰ অনুসৰি মুঠ ৫০০ তকৈয়ো অধিক চি-৬০ কমাণ্ডোৰ ১৬ টা দল এই অভিযানৰ অংশ আছিল। য’ত ২৬ জন মাওবাদী হতাহত হয়। শনিবাৰে সংঘটিত সংঘৰ্ষ গড়চিৰোলীৰ ইতিহাসৰ দ্বিতীয় সৰ্ববৃহৎ সংঘৰ্ষ।

উল্লেখ্য যে ২০১৮ চনৰ ২৩ এপ্ৰিলত গড়চিৰোলী আৰক্ষীয়ে দুটা পৃথক সংঘৰ্ষত ৪০ জন মাওবাদীক গুলীয়াই হত্যা কৰিছিল।

ইটাপল্লী মহকুমাৰ বোৰিয়া-কাচনাচুৰ অঞ্চলত ৩৪ জন মাওবাদী নিহত হোৱাৰ সময়ত একেটা গোটৰ ছয়জনক আহেৰী অঞ্চলত পলাতক অৱস্থাত গুলীয়াই হত্যা কৰা হৈছিল।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

photo-2021-10-17-09-31-10

Leave a Comment