নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ গছত খুন্দিয়ালে যাত্ৰীবাহী বাছে…

নিউজ ডেস্ক। অতিমাত্ৰা গতিবেগৰ বাবেই ৰাজ‍্যৰ ৰাজপথ সমূহত সঘনাই দুৰ্ঘটনাৰ সৃষ্টি হৈ আহিছে।

বুধবাৰে কামৰূপ জিলাৰ বকোৰ ৰাজাপাৰাত সংঘটিত হৈছে এটা ভয়াবহ পথ দুৰ্ঘটনা।

প্ৰাপ্ত খবৰ অনুসৰি, ৰাজাপাৰাৰ সমীপৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এখন যাত্ৰীবাহী বাছ দুৰ্ঘটনাত পতিত হয়।

G7 7
নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ গছত খুন্দিয়ালে যাত্ৰীবাহী বাছে... 3

গোৱালপাৰাৰ পৰা গুৱাহাটীত অভিমুখে আহি থকা AS-1B-C-7887 নম্বৰৰ এখন তীব্ৰবেগী বাছে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা গছত খুন্দা মাৰে।

অৱশ্যে এই দুৰ্ঘটনাত কথমপি যাত্ৰী সকলৰ প্ৰাণৰক্ষা পৰে।

প্ৰত‍্যক্ষদৰ্শী ৰাইজৰ মতে, অতিমাত্ৰা গতিবেগৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ বাছখন উদ্ধাৰ কৰে আৰু স্থানীয় লোকৰ সহযোগত কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত যাত্ৰী সকলক ওচৰৰে স্বাস্থ‍্যকেন্দ্ৰত ভৰ্তি কৰে।

লগতে চাওকঃ

অভাৰলােড শিলভৰ্তি ডাম্পাৰসহ ভাগি পৰিল বেইলী দলং…

G3 26
নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ গছত খুন্দিয়ালে যাত্ৰীবাহী বাছে... 4

Leave a Comment