অসমঅসমীয়া

পুনৰ আলফা (স্বাধীন)ত যােগদান কৰিবলৈ যাত্ৰা কৰা দুই যুৱকক আটক

নিউজ ডেস্ক। আলফা (স্বাধীন)ত অসম আৰক্ষীৰ চােৰাংচােৱাৰ বিষয়ৰ লগতে নিষিদ্ধ ঘােষিত সংগঠনটােত নতুন সদস্যভৰ্তিৰ বিষয়ে ৰাজ্যজুৰি চৰ্চা লাভ কৰাৰ সময়তে পুনৰ সংগঠনটােত যােগদানৰ বাবে যাত্ৰা কৰা দুজন যুৱকক আটক কৰা হৈছে।

জানিব পৰা মতে, আছাম ৰাইফলছৰ জােৱানসকলে সোণাৰি নগৰত আটক কৰে তিনিচুকীয়া জিলাৰ বৰডুমচাৰ বিপ্লৱ মৰাণ (৩৩) আৰু শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ ৰাজেশ গগৈ নামৰ দুজন যুৱকক।

G8 4

উল্লেখ্য যে ৰাজেশ গগৈক সোণাৰি বাছ আস্থানৰ সমীপৰ ৰাজস্থান হোটেলত চাহ খাই থকা অৱস্থাত আছাম ৰাইফলছে আটক কৰিছিল।

ইফালে, বিপ্লৱ মৰাণক অট’ৰিক্সাত উঠি নাগালেণ্ডৰ মন টাউন অভিমুখে যাত্ৰাৰ বাবে ৰৈ থকা অৱস্থাত আটক কৰে।

দুয়োজন যুৱকক আছাম ৰাইফলছে কালিয়েই আটক কৰিছিল আৰু সোধা-পোছাৰ অন্তত দুয়োজন যুৱকক পিছত সোণাৰি আৰক্ষীক চমজাই দিয়ে।

লগতে চাওকঃ

আলফা স্বাধীনৰ ভিতৰত ডজনৰো অধিক সেনা-আৰক্ষীৰ গুপ্তচৰ! বিস্ফোৰক দাবী আলফা স্বাধীনৰ

G5 15

Leave a Reply

Your email address will not be published. Required fields are marked *