নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত বাগৰিল ব’লেৰো, মহিলাসহ তিনিজন যাত্ৰী আহত…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

গো ধনক বচাবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত বাগৰি পৰিল এখন ব’লেৰো বাহন।

ৰঙিয়াৰ উদিয়ানাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা।

দুৰ্ঘটনাটোৰ ফলত আহত হৈছে মহিলাসহ তিনিজন যাত্ৰী।

গুৱাহাটীৰ পৰা পাঠশালা অভিমুখি আছিল এএছ০১ডিএ০৫৩৭ নম্বৰৰ ব’লেৰো বাহনখন।

আহত সকলক স্থানীয় ৰাইজৰ তৎপৰতাত ততাতৈয়াকৈ ৰঙিয়াৰ স্বস্তি হস্পিতাললৈ প্ৰেৰণ কৰা হয়।

আহত লোককেইজন পাঠশালাৰ বুলি জানিব পৰা গৈছে।