শোকাৱহ! কৰ্তব্যৰত অৱস্থাতে অসুস্থ হৈ মৃত্যুক সাৱটিলে সেনা জোৱান মালেন বসুমতাৰীয়ে…

এক শোকাৱহ ঘটনা।

কৰ্তব্যৰত অৱস্থাতে অসুস্থ হৈ মৃত্যুক সাৱটিলে এগৰাকী সেনা জোৱানে।

পশ্চিমবংগত কৰ্মৰত অৱস্থাতে চিৰাং জিলাৰ মখনাগুৰী গাঁৱৰ বাসিন্দা ভাৰতীয় সেনা বাহিনীৰ পঞ্চম অসম ৰেজিমেণ্টৰ জোৱান মালেন বসুমতাৰীৰ মৃত্যু।

জানিব পৰা মতে, যোৱা ২৮ জুলাইত পশ্চিম বংগৰ কালিপুং জিলাৰ পাহাৰীয়া এলেকাত কৰ্তব্যৰত অৱস্থাত হঠাৎ শাৰীৰিক অসুস্থ হোৱাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বসুমতাৰীক।

কিন্তু চিকিৎসালয়তে মৃত্যুক সাবটি লয় জোৱান মালেন বসুমতাৰীয়ে।

দেওবাৰে বিজনীৰ মখনাগুৰীত সেনা বাহিনীৰ জোৱানসকলে সামৰিক মৰ্যাদাৰে মালেন বসুমতাৰীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।