এছএছবিৰ পিছত আইটিবিপিৰো মুৰব্বী পদত নিযুক্ত হ’ল অসম সন্তান এছএল থাওছেন

নিউজ ডেস্কঃ চীনৰ সৈতে অব্যাহত থকা সীমা সমস্যাৰ মাজতে ইণ্ডো-তিব্বত সীমান্ত আৰক্ষীৰ মুৰব্বী হিচাপে দায়িত্ব লাভ কৰিছে অসম মাতৃৰ এগৰাকী সুযোগ্য সন্তানে।

সশস্ত্ৰ সীমা বল চমুকৈ এছএছবিৰ সঞ্চালকপ্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা অসম সন্তান ড০ সুজয় লাল থাওছেনক অতিৰিক্তভাৱে নিযুক্তি প্ৰদান কৰা হৈছে আইটিবিপিৰ মুৰব্বী পদত।

photo1659329264
এছএছবিৰ পিছত আইটিবিপিৰো মুৰব্বী পদত নিযুক্ত হ’ল অসম সন্তান এছএল থাওছেন 4

উল্লেখ্য যে, আইটিবিপিৰ বৰ্তমানৰ সঞ্চালকপ্ৰধান সঞ্জয় আৰোৰাক দিল্লীৰ আৰক্ষী আয়ুক্ত পদলৈ বদলি কৰাৰ পিছতে আইটিবিপিৰ মুৰব্বী হিচাপে অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হৈছে মধ্যপ্ৰদেশ কেডাৰৰ আইপিএছ বিষয়া তথা অসম সন্তান ড০ সুজয় লাল থাওছেনক।

image 1
এছএছবিৰ পিছত আইটিবিপিৰো মুৰব্বী পদত নিযুক্ত হ’ল অসম সন্তান এছএল থাওছেন 5

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এক নিৰ্দশনাযোগে এছএল থাওছেনক আইটিবিপিৰ সঞ্চালপ্ৰধানৰূপে নিযুক্তি দিয়াৰ কথা জানিবলৈ দিয়ে।

প্ৰণিধানযোগ্য যে, অসমৰ ডিমা হাচাও জিলাৰ হাফলঙৰ নিৱাসী ড০ এছএল থাওছেন ১৯৮৮ বেটছৰ আইপিএছ বিষয়া। চলিত বৰ্ষৰ পহিলা জুনত তেওঁক এছএছবিৰ সঞ্চালকপ্ৰধান হিচাপে নিযুক্তি প্ৰদান কৰিছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে।

image
এছএছবিৰ পিছত আইটিবিপিৰো মুৰব্বী পদত নিযুক্ত হ’ল অসম সন্তান এছএল থাওছেন 6

দেশৰ দুটাকৈ গুৰুত্বপূৰ্ণ নিৰাপত্তা বাহিনীৰ শীৰ্ষ পদত এছএল থাওছেন অধিষ্ঠিত হোৱাৰ খবৰে গৌৰৱাম্বিত কৰিছে সমগ্ৰ অসমবাসীক। বিষয়াগৰাকীয়ে অহা বছৰ অৰ্থাৎ ২০২৩ চনৰ ৩০ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব।

এছএছবিৰ সঞ্চালক প্রধান পদত যোগদান কৰাৰ পূর্বে থাওছেনে কেন্দ্ৰীয় ডেপুটেশ্বনত বিএছএফৰ বিশেষ সঞ্চালক প্ৰধানৰ পদত সেৱা আগবঢ়াইছিল।